![]()
অজন্তা তালুকদাৰ
বোকাখাত : বৰ্তমানৰ ক’ভিড আগ্ৰাসনলৈ চাই বোকাখাতত ক’ভিড সংক্ৰমন ৰোধ কৰাৰ স্বাৰ্থত জনসমাৱেশ ৰোধ কৰিবৰ বাবে বোকাখাতৰ মহকুমা দণ্ডাধীশ বিপুল দাসে ভাৰতীয় কাৰ্যবিৰোধী আইন ১৪৪ ধাৰাৰ অধীনত বোকাখাত মহকুমাৰ অন্তৰ্গত বিভিন্ন এলেকাত হ’বলগীয়া সাপ্তাহিক বজাৰসমূহ ৭ মে’ৰ পৰা পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বন্ধ ৰাখিবলৈ নির্দেশ জাৰি কৰিছে। ইয়াৰ লগতে মহকুমাটোৰ অন্তর্গত সকলো হোটেল, ৰিজৰ্ট, বজাৰ এলেকা আৰু ৰাষ্ট্ৰীয় ঘাই পথৰ দাঁতিত অৱস্থিত সকলো ধৰণৰ দোকান, চাহ দোকান, ৰেষ্টুৰেণ্ট, ধাবা আদিৰ মালিক আৰু কৰ্মচাৰীসকলক অহা ১৫ মে’ৰ ভিতৰত নিকটতম স্বাস্থ্যকেন্দ্ৰ অথবা কোভিড-১৯ পৰীক্ষা কেন্দ্ৰত বাধ্যতামূলকভাৱে কোভিড-১৯ৰ পৰীক্ষা কৰাবলৈকো মহকুমাধিপতিগৰাকীয়ে নিৰ্দেশ জাৰি কৰিছে। মহকুমাধিপতি বিপুল দাসে ৰাইজক সামাজিক দূৰত্ব মানি চলিবলৈ তথা ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰিবলৈ আহ্বান জনাইছে।
উপৰোক্ত চৰকাৰী নিৰ্দেশনাসমূহ উলংঘা কৰিলে দুৰ্যোগ ব্যৱস্থাপনা আইন ২০০৫ৰ ৫১ ধাৰাৰ লগতে ভাৰতীয় দণ্ডবিধি আইন ১৮৮ ধাৰাৰ অধীনত আইন ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও প্ৰশাসনৰ তৰফৰ পৰা জানিবলৈ দিছে।
ইফালে আজি বোকাখাতত ২৬ জন ক’ভিড পজিটিভ ধৰা পৰিছে। ক’ভিড ৰোগীসকলৰ ৭ গৰাকী বোকাখাত শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাৰ লগতে আনসকল হোম কোৱাৰেণ্টাইনত আছে। বোকাখাত শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়ৰ পৰা ৩ গৰাকী ৰোগী আজি সুস্থ হৈ ঘৰলৈ উভতি গৈছে বুলিও জানিব পৰা গৈছে।













