![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
দিল্লীত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নেড্ডাৰ বাসগৃহত অনুষ্ঠিত হৈছিল অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী নিৰ্বাচনৰ বৈঠক। বৈঠকত উপস্থিত থাকে গৃহমন্ত্ৰী অমিত শ্বাহ আৰু সাধাৰণ সম্পাদক বি এল সন্তোষ। গুৱাহাটীৰ পৰা তলব কৰা হয় বৰ্তমানৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মুখ্যমন্ত্ৰী পদ প্ৰত্যাশী হিমন্ত বিশ্ব শৰ্মা। অনুষ্ঠিত হয় তিনিলানি বৈঠক। প্ৰথমে সৰ্বানন্দ সোণোৱাল আৰু তাৰ পিছত হিমন্ত বিশ্ব শৰ্মাৰ লগত হয় পৃথক পৃথক বৈঠক।
ইয়াৰ পিছত সমূহীয়ভাবে হয় অন্তিমলানি বৈঠক। কিন্তু উক্ত তিনিখন বৈঠকতো নোলাল অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ’ব তাৰ কোনো সমাধান-সূত্ৰ। ইয়াৰ পিছতে কেন্দ্ৰীয় নেতৃত্বই ঘোষণা কৰে, দেওবাৰে গুৱাহাটীত অনুষ্ঠিত হ’ব ৰাজ্যিক বিজেপিৰ বিধায়িনী দলৰ বৈঠক। উক্ত বৈঠকতে নৱ নিৰ্বাচিত বিধায়কসকলে নিৰ্বাচন কৰিব ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী।













