অজন্তা তালুকদাৰ
বোকাখাত : সমগ্ৰ ৰাজ্যৰ লগতে কভিডৰ দ্বিতীয় লহৰে গ্ৰাস কৰিছে বোকাখাত। বোকাখাতত কভিড পৰিস্থিতিৰ অধিক অৱনতি দেখা গৈছে। দিনে ৪০/৫০ জনকৈ ধৰা পৰিছে কভিড পজিটিভ। বোকাখাতৰ কভিড পৰিস্থিতিক লৈ উদ্বিগ্ন হৈ পৰিছে বোকাখাতৰ বিধায়ক তথা মন্ত্ৰী অতুল বৰা। উদ্বিগ্ন হৈছে বোকাখাতৰ মহকুমাধিপতি, মহকুমা প্ৰশাসন, চিকিৎসা বিভাগ,আৰক্ষীও। পৰিস্থিতিত সহযোগ কৰিবলৈ যোৱা ৮ মে’ত সাংবাদিক, স্বেচ্ছাসেৱী সংগঠন, বিভিন্ন যুৱ -ছাত্ৰ সংগঠন, আৰক্ষী, স্বাস্থ্য বিভাগৰ প্ৰতিনিধিৰে জৰুৰী বৈঠক অনুষ্ঠিত হয় মহকুমাধিপতি বিপুল দাসৰ। বৈঠকত এনে সংকট কালত প্ৰতিগৰাকী সচেতন লোকৰ সহযোগিতা বিচাৰিলে মহকুমাধিপতি বিপুল দাসে।
গুৰুত্বপূৰ্ণ সভাখনত উপস্থিত থাকি মন্ত্ৰী অতুল বৰাই কভিড সন্দৰ্ভত উদ্বিগ্নতা প্ৰকাশ কৰে। “অনাগত দিনত বোকাখাতৰ ৰাইজক অধিক সজাগ হৈ সাৱধানতা অবলম্বন কৰিবলৈ অনুৰোধ জনাইছো” বৈঠকৰ পাছত বোকাখাতত সাংবাদিকৰ আগত এনেদৰে কয় মন্ত্ৰী অতুল বৰাই। বৰাই লগতে কভিড সংক্ৰমিত হ’ব পৰা কাৰকসমূহক কেনেদৰে বাধা দিব পৰা যায় সেই বিষয়েও আলোচনা কৰাৰ কথা দোহাৰে। বিশেষকৈ বাগিছা অঞ্চলত সজাগতা সৃষ্টিৰ লগতে সকলো ধৰণৰ সামাজিক অৱস্থাত চকু ৰাখিবলৈ মন্ত্ৰীগৰাকীয়ে চাহ বাগিছা কেন্দ্ৰিক ছাত্ৰ সংগঠন আটছাক আহ্বান জনায়।
এনে সংকটৰ সময়ত যথা সম্ভৱ সকলো প্ৰকাৰৰ সহযোগিতাৰ আশ্বাস দিয়ে মন্ত্ৰীগৰাকীয়ে। চিকিৎসালয়ত থকা কভিড ৰোগীসকলৰ হোম আইছ’লেচনত থাকিব বিচৰা সকলক ঘৰলৈ নিবৰ বাবে এন আৰ এলে প্ৰদান কৰা বিশেষ সুবিধাযুক্ত এম্বুলেন্স মন্ত্ৰীগৰাকীয়ে ৮ মে’ত প্ৰদান কৰিলে বোকখাতৰ শ্বহীদ কমলা মিৰি অসমৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ অপূৰ্ব শৰ্মাক।
জৰুৰী সভাখনত উপস্থিত থাকি অধীক্ষক ডাঃ অপূৰ্ব শৰ্মা, কভিড নডেল বিষয়া ডাঃ সমীপজ্যোতি বৰাই বৰ্তমান কভিডৰ বোকাখাতত থকা সুবিধা আৰু অসুবিধাসমূহো ডাঙি ধৰে। সভাত মহকুমা আৰক্ষী বিষয়া পৃথ্বীৰাজ ৰাজখোৱা, আৰক্ষী বিষয়া হেমেন দাস, চক্ৰ বিষয়া মানস নাথ, বিভিন্ন ৰাজনৈতিক দল, সাংবাদিক সংগঠন, ছাত্ৰ সংগঠন, স্বেচ্ছাসেৱী সংগঠনৰ প্ৰতিনিধি উপস্থিত থাকে।