![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ক’ৰনা আতংকৰ বাবে স্থগিত ৰখা উচ্চতৰ মাধ্যমিক প্ৰথম পৰীক্ষাৰ অৱশেষত বাতিল। মাধ্যমিক শিক্ষা সংসদে জাননী জৰিয়তে ঘোষণা কৰিলে এই কথা।
৪ মে’ পৰা অনুষ্ঠিত হোৱা কথা আছিল পৰীক্ষা কিন্তু ক’ৰনা আক্রান্ত দ্ৰুত বৃদ্ধি বাবে স্থগিত ৰখা হৈছিল পৰীক্ষা।
মাধ্যমিক শিক্ষা সংসদৰ পৰীক্ষা নিয়ন্ত্ৰক পংকজ বৰঠাকুৰে প্ৰেৰণ কৰা জাননী উল্লেখ থকা অনুসৰি- ছাত্ৰ-ছাত্ৰীক উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষলৈ উৰ্ত্তীণ কৰাই দিয়া হৈছে। অনলাইনৰ জৰিয়তে ছাত্ৰ-ছাত্ৰী সকলে দ্বিতীয় বৰ্ষত নামভৰ্তি কৰিব পাৰিব।
গুৰুত্বপূৰ্ণ কথা ৰাজ্যত সকলো শিক্ষানুষ্ঠান ক’ৰনা বাবে বন্ধ ৰখা হৈছে।













