ছাইদুল ইছলাম
ডিফু : পুনৰ অবৈধ ড্ৰাগছৰ বিৰুদ্ধে কাৰবি আংলং আৰক্ষীয়ে লাভ কৰিলে আন এক সফলতা ৷ মঙলবাৰে নিশাৰ ভাগত বোকাজানত উদ্ধাৰ হয় সন্দেহযুক্ত ড্ৰৰাগছখিনি ৷ আৰক্ষীৰ অভিযানকাৰী দলটোৱে বোকাজানৰ প্ৰভাস শ্বাহ নামৰ লোকজনৰ ঘৰত উদ্ধাৰ কৰে প্ৰায় ১২ গ্ৰাম হেৰ’ইন।
বোকাজান আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰে হেৰ’ইনখিনি।
ঘটনাৰ সৈতে জড়িত প্ৰভাস শ্বাহৰ পত্নী পাৰ্বতী দেৱীৰ (৪৫) লগতে দুই পুত্ৰ ৰামদেৱ শ্বাহ আৰু কপিল শ্বাহক আটক কৰে বোকাজান আৰক্ষীয়ে।
জিনিব পৰামতে দীৰ্ঘদিন ধৰি বোকাজানত ড্ৰাগছৰ ব্যৱসায় চলাই আহিছিল এই পৰিয়ালটোৱে। উদ্ধাৰ হোৱা হিৰ’ইনখিনিৰ বজাৰ মূল্য প্ৰায় ৪০ হাজাৰ টকা বুলি জানিব পৰা গৈছে।