ছাইদুল ইছলাম
ডিফু : অসম-নাগালেণ্ড সীমান্তৱৰ্তী এলেকাৰে নিচাযুক্ত সামগ্ৰীৰ প্ৰচেষ্টা অব্যাহত থকাৰ সময়তে আজি পুৱাৰ ভাগত খটখটী আৰক্ষীয়ে বুজন পৰিমানৰ গাঞ্জাসহ এজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷
প্ৰাপ্ত তথ্য অনুসৰি উপ পৰিদৰ্শক চৰণ মোহন চেতিয়াৰ নেতৃত্বত আৰক্ষীৰ এটা দলে আজি পুৱা খটখটী থানাৰ অন্তৰ্গত খটখটী ষ্টেট বেংকৰ খটক্খটী শাখাৰ সমীপত চলোৱা নিয়মীয়া তালাচীত এএছ ০৯ এচি ২৮৩০ নম্বৰৰ অট’ ৰিক্সাখনত এটা চুটকেছত ভৰাই অনা অৱস্থাত পোন্ধৰ কলোগ্ৰাম গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয় ৷ এই সন্দৰ্ভত আৰক্ষীয়ে অট’ৰিক্সাখনৰ যাত্ৰী বিহাৰ ভোজপুৰ জিলাৰ চৰপুখুৰী থানাৰ অন্তৰ্গত কানাই নিৱাসী ৰবিন্দ্ৰ সিঙ (৫০)ক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷