ছাইদুল ইছলাম
ডিফু : সমগ্ৰ দেশৰ লগত সংগতি ৰাখি আজি কাৰবি আংলং জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত ডিফুত পেট্ৰ’ল, ডিজেল আদিৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷ কাৰবি আংলং জিলা কংগ্ৰেছৰ উপসভাপতি ৰতন ইংতি আৰু সাধাৰণ সম্পাদক অনিল বৰাৰ নেতৃত ডিফু-লামডিঙ পথৰ পেট্ৰ’ল পাম্পৰ সন্মুখত অন্যান্য দলীয় কৰ্মীৰ সহযোগত মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্থ কৰে ৷
সাংবাদিকৰে যৈতে হোৱা বাৰ্তালাপত উপসভাপতি ৰতন ইংতিয়ে কয়যে কৰ’না অতিমাৰীৰ ভয়াবহতাৰ বাবে সৃষ্টি হোৱা ভীষণ সমস্যাৰ মাজতো চৰকাৰে নিৰ্বিচাৰ বাবে পেট্ৰ’ল, ডিজেল, কেৰাচিন আদি পণ্যজাতৰ সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্ধি কৰিছে ৷ এনে মূল্য বৃদ্ধিৰ বাবে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যত চৰকাৰে নিয়ন্ত্ৰণ হেৰুৱাই পেলাইছে ৷ ৰাইজে বিপুল ভোটত বিজপিক শাসনভাৰ গতাই দিয়াৰ পিছতো মূল্যবৃদ্ধিৰ বিষয়টোত পিঠি দিছে ৷ সেয়ে চৰকাৰক পণ্যজাত ইন্ধনৰ মূল্যবৃদ্ধি ৰোধ কৰিবলৈ দাবী জনাইছে ৷