ছাইদুল ইছলাম
ডিফু : আজি পাহাৰীয়া জিলাৰ সদৰ ডিফুৰ পাণবাৰীত দৰিদ্ৰ লোকৰ মাজত সাহায্য চাউল বিতৰণ কৰা হয় ৷ অতিমাৰী কৰ’নাৰ দ্ৰুত সংক্ৰমনৰ প্ৰতি লক্ষ্য ৰাখি দুৰ্যোগ আৰু প্ৰশমন বিভাগে সমগ্ৰ ৰাজ্যৰ লগতে পাহাৰীয়া জিলাখনতো লাগু কৰি ৰখা আংশিক লকডাউনত দিন-হাজিৰা কৰি কোনোমতে জীৱিকা-নিৰ্বাহ কৰা লোকৰ অৱস্থা অতি শোচনীয় হৈ পৰিছে ৷ তেনে দৰিদ্ৰ লোকৰ দুৰ্দশাৰ প্ৰতি লক্ষ্য ৰাখি কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ ইএম সকলে নিজ নিজ সমষ্টিৰ দৰিদ্ৰ লোকৰ মাজত চাউল, দাইল আদি বিতৰণ কৰিবলৈ উদ্যোগ লৈছে ৷
সেই একে উদ্দেশ্য আগত ৰাখি কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধীনস্থ ধনশিৰি পৰিষদীয় সমষ্টিৰ ইএম প্ৰদীপ ডিফুচাৰ নেতৃত্বতো তেনে সাহায্য বিতৰণ কৰা হৈছে ৷ আজি ডিফু পাণবাৰীৰ বিজেপিৰ বুথ লেভেল সভাপতি মীৰা দেৱীৰ নেতৃত্বত পাণবাৰী পকী দলঙৰ এলেকাৰ দৰিদ্ৰলোকৰ মাজত বিনামূলীয়া চাউল বিতৰণ কৰে ৷ সাংবাদিকৰে সৈতে বাৰ্তালাপত বিজেপিৰ বুথ লেভেল সভানেত্ৰী মীৰা দেৱীয়ে পাণবাৰীৰ দুখীয়া-দৰিদ্ৰলোকলৈ ধনশিৰিৰ ইএম প্ৰদীপ ডিফুচাই লকডাউনৰ সময়ত আগবঢ়োৱা এনে সহায়ৰ বাবে ধন্যবাদ জনায় ৷