![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : ডিফুৰ এখন বিদ্যালয়ৰ মাটিৰ সীমাক কেন্দ্ৰ কৰি উত্তেজনাই বিৰাজ কৰিছে । ডিফু চহৰৰ মাটিপুং এলেকাৰ এটা পাহাৰৰ শিখৰত অবস্থিত ৰংমিৰ্দান ইংলিছ এলপি স্কুলখনৰ সীমালৈকে মাটি খনন কৰাৰ পৰিপ্ৰেক্ষিতত এই বিবাদৰ সূত্ৰপাত হয় । এখন বিদ্যালয় খহি পৰাৰ ভয়ত একত্ৰিত হৈছে ৰাইজ। দান বৰঙণিৰে ৰাইজে নিৰ্মাণ কৰিছিল ১৯৮৪ চনতে ৰংমিৰদান ইংৰাজী ইল পি স্কুলখন । কিন্তু বিদ্যালয় পৰিচালনা সমিতি আৰু স্থানীয় ৰাইজে অভিযোগ কৰা অনুসৰি স্কুলখনৰ সীমাতে থকা অজয় টেৰণে ৰাইজৰ কথা আওকাণ কৰি এটা বাট জেচিবিৰে খনন কৰে।
যাৰফলত এটা খাৱৈ সদৃশ পৰিৱেশত উলমি আছে বিদ্যালয়খন। অৱশেষত ৰাইজৰ হেচাঁত খনন কাৰ্য সাময়িকভাবে বন্ধ হৈছে যদিও দুই পক্ষই বিবাদ নিষ্পত্তিৰ বাবে কাষ চাপিব আইনৰ ওচৰত। বিদ্যালয় পৰিচালনা সমিতিৰ আশা, দীৰ্ঘদিনীয়া বিবাদ শেষ হ’ব ।
আনহাতে অজয় টেৰণে বিছাৰে নিজৰ প্ৰকৃত সীমা নিৰ্দ্ধাৰণ হ’ব লগতে নিজৰ সীমাৰ ভিতৰত বেৰ দিয়া মাটি খন্দাত তেওঁক কোনো বাধা আৰোপ কৰিব নোৱাৰে ৷ আনহাতে এইলৈ বিদ্যালয় কৰ্তৃপক্ষৰে বিদ্যালয়ৰ সীমাত মাটি খনন বন্ধ কৰিব বুলি অজয় টেৰণৰ এক লিখিত বুজাবুজি হৈছিল বুলি বিদ্যালয় পৰিচালনা সমিতিয়ে বুজাবুজি পত্ৰখন সংবাদ মাধ্যমৰ আগত প্ৰদৰ্শন কৰে ৷












