![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : কাৰবি আংলং জিলাৰ হাওৰাঘাট থানাৰ অন্তৰ্গত ৰংকুট চৌহান বস্তিত আজি পুৱাৰ ভাগত ক’ভিড-১৯ত আক্ৰান্ত এজন লোকৰ মৃতদেহ নলাত উদ্ধাৰ হোৱা ঘটনাক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ ঘটনাৰ বিৱৰণী অনুসৰি ৰংকুট চৌহান বস্তিৰ গোবিন্দৰাম কালবাৰৰ পুত্ৰ অনন্ত কালবাৰ (৪৩)ৰ ক’ভিড-১৯ৰ উপস্থিতি নিশ্চিত হোৱাৰ পিছৰে পৰা অনন্ত কালবাৰ চিকিৎসকৰ পৰামৰ্শ অনুসৰি হোম কোৱাৰেণ্টাইনত আছিল ৷ ইয়াৰ মাজতে যোৱা অনন্ত কালবাৰে শৌচালায়লৈ যোৱাৰ অচিলাৰে ঘৰৰ পৰাই ওলাই গৈ সন্ধানহীন হৈ পৰে ৷

আজি পুৱা গাঁওখনৰ কোনো লোক মৎস্য চিকাৰৰ বাবে যোৱাৰ সময়তে এটা নলাত অনন্ত কালবাৰৰ মৃতদেহটো ঘৰৰ পৰা প্ৰায় ৫০০ মিটাৰ দূৰৈত উবুৰি খাই পৰি থকা প্ৰত্যক্ষ কৰে ৷ ঘটনাটোক কেন্দ্ৰ কৰি অঞ্চলটোত আজি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হোৱাৰ পিছত দণ্ডাধীশৰ উপস্থিতিত মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফুলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰা হয় ৷












