![]()
ছাইদুল ইছলাম
ডিফু : যোৱা ১৬ মে’ত পশ্চিম কাৰবি আংলঙৰ জিৰিকেন্দিঙত সংঘটিত হোৱা এক হত্যাকাণ্ডত জৰিত থকাৰ অভিযোগত জিলাখনৰ আৰক্ষীয়ে দেওবাৰে সন্ধিয়া অভিযান চলাই এজন লোকক হাতে সজা বন্দুকসহ এজন লোকক আটক কৰিবলৈ সক্ষম হয় ৷ প্ৰাপ্ত তথ্য অনুসৰি উক্ত দিনটোত ছুবি ছুটং লোকজনক নিজৰ ঝুমতলিত ব্যস্ত থকাৰ সময়তে কোনো দুৰ্বৃত্তই হাতে সজা বন্দুকেৰে গুলিয়াই হত্যা কৰে ৷
উক্ত হত্যাকাণ্ডৰ ঘটনাৰ এজাহাৰত উল্লেখ থকা এজাহাৰৰ ভিত্তিত কালি সন্ধিয়া প্ৰায় ৬-৩০ বজাত জিলাখনৰ আৰক্ষীয়ে জিৰিকেন্দিঙৰ অন্তৰ্গত জিৰিলস্কৰস্থিত বাসভৱনৰ পৰা ছৰ টমাহা (৫০) নামৰ লোকজনক আটক কৰিবলৈ সক্ষম হয় ৷ ধৃত লোকজনৰ পৰা আৰক্ষীয়ে এটা হাতে সজা বন্দুক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷













