![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : স্বাস্থ্য মন্ত্ৰী হিচাপে পোনপ্ৰথমবাৰৰ বাবে ডিফু চিকিৎসা মহাবিদ্যালয়ত সোমবাৰে বিয়লি উপস্থিত হয় কেশৱ মহন্ত। মন্ত্ৰীগৰাকীয়ে চিকিৎসা মহাবিদ্যালয় হস্পিতালৰ ২১খন নতুন Covid ICU Bed মুকলি কৰে। ইয়াকে লৈ DMCH-ত Covid ICU Bedৰ সংখ্যা ৪০খনলৈ বৃদ্ধি পালে। মন্ত্ৰীগৰাকীয়ে চিকিৎসা মহাবিদ্যালয়খনৰ আন্তঃগাঁথনিৰো বুজ লয়। মহাবিদ্যালয়খনৰ চৌহদত জমা হোৱা পানী নিষ্কাষণৰ বাবে শীঘ্ৰে ব্যৱস্থা লোৱা হ’ব বুলি কয় মন্ত্ৰীগৰাকীয়ে। ৰাজ্যৰ নতুন চিকিৎসা মহাবিদ্যালয় কেইখনত পৰ্যাপ্ত চিকিৎসা সেৱা বৰ্তমানেও উপলব্ধ হোৱা নাই বুলি মন্ত্ৰী মহন্তই স্বীকাৰ কৰে।
পশ্চিম কাৰ্বি আংলঙত কভিড সংক্ৰমণৰ হাৰ যথেষ্ট কম বুলি উল্লেখ কৰি কাৰ্বি আংলং জিলাত কভিড টিকাকৰণ বৃদ্ধি কৰাৰ লক্ষ্য লোৱা বুলি কয় স্বাস্থ্য মন্ত্ৰীয়ে। মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰিছে বুলি উল্লেখ কৰি কভিড সন্দৰ্ভত দুই-এদিনতে মুখ্য মন্ত্ৰীয়ে নতুন SOP ঘোষণা কৰিব বুলি কয় মন্ত্ৰী মহন্তই।
কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, সাংসদ হৰেণছিং বে, বিধায়ক বিদ্যাছিং ইংলেং, দৰছিং ৰংহাঙৰ উপৰি স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়াসকলে মন্ত্ৰী মহন্তক সংগ দিয়ে। মন্ত্ৰীগৰাকীয়ে নিশা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ আৰু জিলা প্ৰশাসনৰ সৈতে জিলাখনৰ কভিড পৰিস্থিতি সন্দৰ্ভত পৰিষদ সচিবালয়ত এক বৈঠকতো মিলিত হয়। স্বাস্থ্য মন্ত্ৰী মঙলবাৰে পুৱাই হাফলঙলৈ বুলি ৰাওনা হ’ব।












