![]()
ছাইদুল ইছলাম
ডিফু : সোমবাৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ডিফু ভ্ৰমণ কৰি যোৱাৰ পিছত আজি অসম চৰকাৰৰ কেবিনেট তথা ৰাজহ আৰু পাৰ্বত্য উন্নয়ণ লগতে পাৰ্বত্য জিলাসমূহৰ তত্বাৱধায়ক মন্ত্ৰী যোগেন মোহন মঙলবাৰে পুৱাৰ ভাগত ডিফুত এক পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে ৷ সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত পাহাৰীয়া জিলাখনৰ অভিভাৱক মন্ত্ৰীগৰাকীয়ে কয় যে, কাৰবি আংলঙৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙ, সাংসদ, বিধায়ক, ইএম, এমএচি, উপায়ুক্ত, আৰক্ষী অধীক্ষক, বিভিন্ন বিভাগৰ বিষয়া আৰু ৰাজ্য চৰকাৰৰ খনি আৰু বনবিভাগৰ প্ৰতিনিধি বৰ্গৰে এক সৌহাৰ্দ্যপূৰ্ণ আলোচনাত মিলিত হয় ৷ পৰ্যালোচনা সভাত বিশেষকৈ কাৰবি আংলং জিলাক উন্নয়নৰ শিখৰলৈ লৈ যোৱাৰ লগতে জিলাখনৰ অমীমাংসিত কেতবোৰ ইচ্যুকলৈ আলোচনা কৰা হয় ৷
অসমৰ মুখ্যমন্ত্ৰীৰ ডাঃ হিমন্ত বিশ্ব শৰ্মাৰ সপোন অনুযায়ী বৰাক-ব্ৰক্ষ্মপুত্ৰ পাহাৰ-ভৈয়াম আদিত কেনেকৈ সমউন্নয়ণ কৰা হয় সেই বিষয়ে আলোচনা কৰা হয় ৷ লগতে পৰিষদৰ বাৰ্ষিক বাজেট বৃদ্ধি কৰিবলৈ পৰিষদলৈ পৰিবহন আৰু আবকাৰী বিভাগ হস্তান্তৰ কৰিবলৈ মুখ্যমন্ত্ৰীৰে আলোচনাৰ জৰিয়তে পূৰ্বৰ চাৰিশ কোটিৰ পৰৱৰ্তে অধিক বাজেট গ্ৰহণ কৰাৰ বাবে কেবিনেট সিদ্ধান্তৰ বিবেচনা কৰা হ’ব বুলি কয় ৷ সীমা সমস্যাৰ লগতে পশ্চিম কাৰবি আংলং জিলাৰ সমস্যাসমূহ গুৰুত্ব সহকাৰে লৈ চৰকাৰৰ তৰফৰ পৰা পৰিষদক সহায় কৰা হ’ব বুলি কয় ৷ জিলাখনৰ প্ৰচুৰ প্ৰাকৃতিক সম্পদেৰে ভৰপুৰ পৰ্যটনথলীসমূহ যথেষ্ট সম্ভাৱনাপূৰ্ণ ৷ জিলাখনৰ শিক্ষা, বিদ্যুত কৃষি ক্ষেত্ৰত দূৰ্বল সেইবোৰ উন্নত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব ৷
ইয়াৰোপৰি জিলাখনত চলি থকা কয়লা খননক এতিয়া কেন্দ্ৰীয় চৰকাৰৰ অনুমতি সাপেক্ষে বৈধ খননৰ বাবে নিবিদা আহ্বান কৰা হ’ব ৷ ইয়াৰ বাবে পৰ্যাপ্ত ষ্টাফৰো ব্যৱস্থা কৰা হ’ব বুলি কয় ৷ জিলাখনৰ ৰাজহ বৃদ্ধি কৰিবলৈ কয়লা খননক বৈধভাবে নিয়মীয়াকৰণ কৰা হ’ব বুলি কয় ৷ উন্নয়ণ হ’লেহে শান্তি সম্ভৱ, সেয়ে পাহাৰীয়া জিলাখনৰ সামগ্ৰীক উন্নয়ণৰ বাবে টীম কাৰবি হৈ কাম কৰিবলৈ সকলোকে আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে।












