![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : মঙলবাৰে দিনৰ ভাগত ডিফুত হোৱা এখন পথ দুৰ্ঘটনাত দুজন মটৰ চাইকেল আৰোহী আহত হয় ৷ ইয়াৰে এজন গুৰুতৰভাবে আহতহৈ সংকটজনক অৱস্থাত চিকিৎসাধীন হ’বলগীয়া হৈছে ৷ প্ৰাপ্ত খবৰ অনুসৰি আজি বিয়লি ১-১৫ ডিফু লামডিঙ পথৰ উপায়ুক্ত কাৰ্যালয়ৰ কাষত ডিফু মেডিকেল কলেজৰ দিশৰ পৰা তীব্ৰ বেগে আহি থকা অৱস্থাত নম্বৰ প্লেটবিহীন এখন স্কুটিয়ে ৰৈ থকা এখন ৰঙা ৰঙৰ এছ-০৯ এফ ১৯৪৬ নম্বৰৰ মাৰুতি ইপছ গাড়ীত পিছফালৰ পৰা খুন্দিয়াই দুৰ্ঘটনা সংঘটিত কৰে ৷ মাৰুতিখনৰ আংশিক ক্ষতি সাধন হোৱাৰ লগতে স্কুটিজন গুৰুতৰ বাবে জখম প্ৰাপ্তহৈ সংকটজনক অৱস্থাত ডিফু চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি হ’বলগীয়া হয় ৷ জানিবপৰা মতে জথমপ্ৰাপ্ত স্কুটী আৰোহীজন ডিফু ৰে’ল ক’লনীৰ অনু মালাকাৰ ৷













