![]()
ছাইদুল ইছলাম
ডিফু : অবৈধ ড্ৰাগছৰ বিৰুদ্ধে কাৰ্বি আংলং আৰক্ষীয়ে বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ৷ বৃহস্পতিবাৰে পুৱাৰ ভাগত বোকাজানত উদ্ধাৰ হৈছে এই বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি। উক্ত ড্ৰাগছখিনিৰ সৈতে কাৰ্বি আংলং আৰক্ষীৰ জালত পৰিছে আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সৰবৰাহকাৰী । কাৰ্বি আংলংৰ নৱ-নিযুক্ত আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙৰ নেতৃত্বত বোকাজানৰ SDPO জন দাস, CI বৰপথাৰ ভূপেন কলিতা আৰু খটখটী OC মৌব্লিক ব্ৰহ্মই চলাইছিল এই অভিযান। অভিযান কালত বোকাজানৰ খটখটি থানাৰ অন্তৰ্গত পকাফিল্ডত উদ্ধাৰ ১৬৪ পেকেট ড্ৰাগছ। ড্ৰাগছখিনিৰ ওজন ২ কেজি ১২৫ গ্ৰাম। ইয়াৰ বজাৰ মূল্য প্ৰায় ১৬ কোটি টকা হ’ব বুলি জানিব পৰা গৈছে ৷
ধৃত ড্ৰাগছ সৰবৰাহকাৰী এগৰাকীৰ নগা মহিলাসহ আন এজন নগা যুৱক। আটকাধীন যুৱকজনৰ নাম কেভেটচচা মভি (২৮) । আনহাতে মহিলাগৰাকীৰ নাম টি এইচ পাওনে (৫০)।
জানিব পৰা অনুসৰি টি এইচ পাওনে নামৰ মহিলাগৰাকী আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সৰবৰাহ চক্ৰৰ সৈতে জড়িত বুলি জানিব পৰা গৈছে। ধৃত কেভেটচচাৰ ঘৰ নাগালেণ্ডত আৰু টি এইচ পাওনেৰ ঘৰ মণিপুৰত বুলি জানিব পৰা হৈছে। ঘটনাৰ সৈতে জড়িত AS01-BY9058 নম্বৰৰ এখন এল্ট জব্দ কৰা হৈছে ।












