![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে কাৰবি আংলং জিলা আৰক্ষীৰ কঠোৰ অভিযান অব্যাহত থকাৰ সময়তে জিলা আৰক্ষীয়ে মাঞ্জাত অভিযান চলাই এখন যাত্ৰীবাহী বাছৰ পৰা ২১ কিঃগ্ৰাঃ ভাংসহ বিহাৰৰ দুই যুৱকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷
ঘটনাৰ বিৱৰণ অনুসৰি, আজি বিয়লি মাঞ্জা আৰক্ষীয়ে চলোৱা নিয়মীয়া তালাচীত মণিপুৰ ৰাজধানী চহৰ ইম্ফলৰ পৰা বিহাৰ অভিমুখে আহি থকা এএমএন ০১ ২০৯২ বাছখনৰ পৰা এটা মোনাত ভৰাই ৰখাৰ অৱস্থাৰ পৰা এই বুজন পৰিমাণৰ ভাংখিনি জব্দ কৰে ৷ ভাংখিনি সৰবৰাহ কৰাৰ অভিযোগত আৰক্ষীয়ে দুজন যুৱকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷ ধৃত যুৱক দুজন ক্ৰমে, অখিলেশ কুমাৰ (৩৩), জয় প্ৰকাশ কুমাৰ (২৩) বুলি চিনীক্ত কৰা হৈছে৷ দুয়োগৰাকীৰ ঘৰ বিহাৰৰ মতিহাৰী জিলাত ৷













