![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : কাৰবি আংলং জিলাৰ কুকি উগ্ৰপন্থী সংগঠন ইউ পি আৰ এফৰ দুই সদস্য আজি আৰক্ষীৰে হোৱা সংঘৰ্ষত নিহত হয় ৷ সিংহাসন পাহাৰৰ জলেনত আজি দুপৰীয়া এই সংঘৰ্ষ হয় ৷ আৰক্ষীৰ ওচৰত থকা নিশ্চিত তথ্যৰ ভিত্তিত আজি আৰক্ষীয়ে এই অভিযান চলাইছিল ৷ উল্লেখ যে ২০২০ চনৰ ছেপ্তেম্বৰ মাহত সংগঠনটোৰ সেনাধ্যক্ষ মাৰ্টিন কুকিয়ে বোকাজান থানাৰ অন্তৰ্গত তকৌলাংচ’ৰ বনভোজ স্হলীলৈ আহি বনভোজ খাবলৈ অহা লোকৰ লগত ছেল্ফি উঠি চৰ্চালৈ আহিছিল আৰু তাৰ পিছতে আৰক্ষীৰ লগত হোৱা সংঘৰ্ষত তেওঁৰ মৃত্যু হৈছিল ৷ ইয়াৰ পিছতে ২০২০ চনৰ ২১ ডিছেম্বৰত সংগঠনটোৰ সকলো সদস্য আত্মসমৰ্পণৰ বাবে আহিছিল ৷ কিন্তু তাৰ কেইদিনমান পিছতে বীৰাপ্পান আৰু অৰ্জুনৰ নেতৃত্বত ৬ গৰাকী সদস্য পুণৰ অস্ত্ৰ সহ অৰণ্যলৈ উভতি যায় ৷ ইয়াৰে অৰ্জুত অলপতে আৰক্ষীৰ হাতত বন্দী হৈ জেলত আছে।

আনহাতে বীৰাপ্পানে নতুন সদস্য ভৰ্তি কৰি সংগঠন চলাই আছিল ৷ আজি তাৰে দুগৰাকী সদস্যৰ আৰক্ষীৰ লগত হোৱা সংঘৰ্ষত মৃত্যু হয় ৷ আন একাংশ উগ্ৰপন্থী পলাই যায় ৷ আৰক্ষীয়ে মৃত উগ্ৰপন্থী দুগৰাকীৰ পৰা দুটা এ কে ৪৭ ৰাইফলৰ লগতে আপত্তিজনক নথি-পত্ৰ জব্দ কৰে ৷ এই বাতৰি প্ৰেৰণৰ সময়লৈকে মৃত্যু হোৱা উগ্ৰপন্থী দুজনক চিনাক্ত কৰা হোৱা নাই।













