![]()
ছাইদুল ইছলাম
ডিফু : সমগ্ৰ বিশ্বৰ লগত সংগতি ৰাখি কাৰবি আংলং জিলাৰ সদৰ চহৰ ডিফুতো ক্ৰীড়া ভাৰতী অসম প্ৰদেশৰ কাৰ্বি আংলং ক্ৰীড়া ভাৰতীৰ উদ্যোগত সপ্তম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসটি উদযাপন কৰা হয় ৷ সোমবাৰে প্ৰাতঃ পুৱাতে ডিফুৰ ফাৰ্মাৰ্চ এণ্ড গ্ৰ’থ চেণ্টাৰত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত সাংসদ হৰেণছিং বে’, কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্যকাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে যোগ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিভিন্ন ধৰণে যোগ চৰ্চা কৰে ৷
সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত সাংসদ হৰেণছিং বে’ই আন্তৰ্জাতিক যোগ দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰে ৷ যোগাসনে শাৰীৰিক অৱসাদ দূৰ কৰাৰ লগতে শাৰীৰিক আৰু মানসিক সুস্থ সৱল কৰি ৰাখে ৷












