![]()
ছাইদুল ইছলাম
ডিফু : আন্ত:ৰাষ্ট্ৰীয় ড্ৰাগছ সৰবৰাহকাৰী চক্ৰৰ বিৰুদ্ধে কাৰ্বি আংলং জিলা আৰক্ষীয়ে কঠোৰ অভিযান অব্যাহত ৰখাৰ মাজতে আজি নিশা ডিলাই আৰক্ষীয়ে অভিযান চলাই বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছসহ তিনিজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ।
প্ৰাপ্ত তথ্য অনুসৰি সোমবাৰে নিশা প্ৰায় ৯-৩০ বজাত ইম্ফলৰ পৰা গুৱাহাটী অভিমুখে আহি থকা এমএন-০৬-বি-০৫১১ নম্বৰৰ নৈশ বাছখনত আৰক্ষীয়ে তালাচী চলাই ৩ কেজি বুজন পৰিমাণৰ নিষিদ্ধ মেটামফেটামিন জব্দ কৰিবলৈ সক্ষম হয়। জব্দ হোৱা ড্ৰাগছখিনিৰ বজাৰমূল্য কমেও প্ৰায় বাৰ কোটি টকা বুলি অনুমান কৰা হৈছে । এই সন্দৰ্ভত আৰক্ষীয়ে দুগৰাকী মহিলাকে ধৰি তিনিজন ড্ৰাগছ সৰবৰাহকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। ডিলাই থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিতুপন চুতিয়াই সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত কয় যে, সৰবৰাহকাৰী কেইজনে বাছখনৰ ইঞ্জিনৰ গোপন কক্ষত চালকজনৰ জ্ঞাতসাৰে ড্ৰাখছখিনি লুকুৱাই নিয়াৰ চেষ্টা কৰিছিল ৷
লগতে তালাচীকালত সৰবৰাহকাৰীকেইটাই কৰ্তব্যৰত গৃহৰক্ষী জোৱানক বুজন পৰিমাণৰ উৎকোচ দি ড্ৰাগছখিনি সৰবৰাহ কৰিব বিচাৰিছিল যদিও কৰ্তব্যৰত গৃহৰক্ষী জোৱানজনে সততা দেখুৱাই হাতে-লোটে সৰবৰাহকাৰী কেইটাক আটক কৰিবলৈ সক্ষম হয় । আৰক্ষীৰ জালত পৰা ড্ৰাগছ সৰবৰাহকাৰীকেইটা ক্ৰমে- খইৰম বসন্ত সিং, লক্ষ্মী ডি আৰু পঞ্জাভিৰাম বুলি চিনাক্ত কৰা হৈছে। ধৃত মহিলা দুগৰাকী চেন্নাইৰ বুলি আৰক্ষীয়ে জানিবলৈ দিছে ৷ সত্যনিষ্ঠ গৃহৰক্ষী জোৱান বৰচিং বে’ৰ সততাৰ বাবে আৰক্ষী সঞ্চালক প্ৰধানে ১ লাখ টকাৰ পুৰষ্কাৰ ঘোষণা কৰিছে ৷












