![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
পশ্চিম কৰ্বিআংলং : “অতিশীঘ্ৰে পশ্চিম কাৰ্বিআংলঙৰ অসম-মেঘালয়ৰ সীমা সমস্যা দূৰ হ’ব। মই নিজে এই স্থান পৰিদৰ্শন কৰি দেখিছো, মেঘালয়ে ইতিমধ্যে অসমৰ বহু অঞ্চল আগ্ৰাসন কৰিছে । অসমৰ BOP পাৰ হৈ আহি অসমৰ মাটিত মেঘালয়ে BOP বনাইছে । মই গৈ মুখ্যমন্ত্ৰীক এই বিষয়ে অৱগত কৰিম।”

এই আশ্বাস অসম চৰকাৰৰ পাৰ্বত্য এলেকা উন্নয়ন মন্ত্ৰী যোগেন মোহনৰ। মন্ত্ৰীত্ব লোৱাৰ পাছত আজি প্ৰথমবাৰৰ বাবে পাৰ্বত্য এলেকাৰ উন্নয়ন মন্ত্ৰী যোগেন মোহনে পশ্চিম কাৰ্বিআংলঙত উপস্থিত হয়। প্ৰথমে মন্ত্ৰীগৰাকীয়ে জিলা সদৰস্থিত হামৰেণ চিভিল হস্পিতালত উপস্থিত হৈ কৰোনা ভেকচিনৰ সন্দভত বুজ লয়। তাৰ পাছত পশ্চিম কাৰ্বিআংলঙৰ খান্দুলীৰ অসম-মেঘালয়ৰ সীমা পৰিদৰ্শন কৰে। উক্ত অঞ্চলৰ দীৰ্ঘদিনীয়া সীমা সমস্যাৰ ওপৰত বুজ লৈএই সমস্যা সমাধানৰ ব্যবস্থা অতি সোনকালে কৰিবলৈ অহা বিধানসভাৰ মজিয়াত বিষয়টো উত্থাপন কৰাৰ আশ্বাস দিয়ে মন্ত্ৰীগৰাকীয়ে।
আনহাতে সীমান্ত অঞ্চল পৰিদৰ্শন কৰি আহি হামৰেন আবৰ্ত ভৱনত এখন পৰ্যালোচনা সভাত অংশ লয় মন্ত্ৰীগৰাৰয়কীয়ে। সভাত স্থানীয় বিধায়ক ৰূপচিং টেৰন, জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষক, স্বাস্থ্য বিভাগৰ জিলা যুটীয়া সঞ্চালকৰ লগতে বহুকেইটা বিভাগৰ বিষয়া কৰ্মচাৰীও উপস্থিত থাকে।













