ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

কাৰবি আংলঙ স্বায়ত্তশাসিত পৰিষদৰ ৭০ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

কাৰবি আংলঙক আবকাৰী আৰু পৰিবহন বিভাগ হস্তান্তৰ কৰাৰ বিবেচনা কৰা হ'ব : মন্ত্ৰী যোগেন মোহন

News Desk by News Desk
June 23, 2021
Reading Time: 1 min read
A A
0

New Logo Very Smal | ASSAM TIMES POST

RELATED POSTS

‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১

Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত

Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক

ষ্টাফ ৰিপ’ৰ্টাৰ

ডিফু : কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ পুঁজি বৃদ্ধিৰ বাবে পূৰ্বৰ ৩০টা বিভাগ বৰ্তি উপৰিও আৱকাৰী আৰু পৰিবহন বিভাগৰ ক্ষমতাও হস্তান্তৰ কৰাৰ বাবে বিবেচনা কৰা হৈছে বুলি বুধবাৰে ডিফুৰ জয়ছিং দলৈ সোঁৱৰণী প্ৰেক্ষাগৃহত আয়োজন কৰা কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ ৭০সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকি এই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে পাৰ্বত্য উন্নয়ণ, ৰাজহ, খনিজ আৰু বনজ সম্পদ মন্ত্ৰী যোগেন মোহনে ৷

সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত তিনি পাৰ্বত্য জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে থকা যোগেন মোহনে কয় যে, আৱকাৰী আৰু পৰিবহন বিভাগ দুটা হস্তান্তৰ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ পৰা যাৱতীয় অনুমোদন আহিলেই বিভাগ দুটা হস্তান্তৰ কৰি পাহাৰীয়া জিলা দুখনৰ উন্নয়ণ ত্বৰাণ্বিত কৰা হ’ব ৷ কাৰবি বিদ্ৰুোহী সংগঠনৰে প্ৰস্তাৱিত শান্তি চুক্তি স্বাক্ষৰিত হ’লে জিলাখনলৈ শান্তি ঘূৰি আহিব আৰু শান্তি আহিলেই প্ৰগতিৰ পথ সুগম হ’ব ৷ কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ ৭০ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী অনুসৰি আজি পুৱাৰ ভাগত সাংসদ হৰেণছিং বে’, মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙ, বিধায়ক বিদ্যাছিং ইংলেঙ সমন্বিতে পৰিষদৰ প্ৰধান সচিব, উপাধ্যক্ষ কেইবাগৰাকী ইএম, এমএচিসহ ডিফুস্থিত কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ পিতৃপুৰুষ খৰছিং তেৰাঙ, ছেমছন ছিং ইংতি আৰু লাংটুক হাবে ছাৰচিং টেৰণৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলী আৰু মাল্যাৰ্পণেৰে গভীৰ শ্ৰদ্ধাঞ্জলী নিবেদন কৰে ৷ তাৰ পিছত কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ সচিবালয় প্ৰাঙ্গনত পৰিষদৰ পতাকা উত্তোলন কৰে পৰিষদৰ উপাধ্যক্ষ ৰিতেশ ইংহিয়ে ৷ ইয়াৰ পিছত প্ৰয়াত জয়ছিং দলৈ সোঁৱৰণী প্ৰেক্ষাগৃহত কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ পৌৰুহিত্যত অনুষ্ঠিত মুকলি সভাত স্বাগত ভাষণ প্ৰদান কৰে প্ৰধান সচিব মুকুল কুমাৰ শইকীয়াই ৷

diphuP0 1 | ASSAM TIMES POST

ইয়াৰ পিছত ক্ৰমান্বয়ে পৰিষদৰ অধীনস্থ ৩০টা বিভাগৰ সফলতা কাৰ্ডসমূহ বিতৰণ কৰাৰ লগতে যোগ্যতা সম্পন্ন আৰু পাৰদৰ্শিতা প্ৰদৰ্শন কৰা ব্যক্তি বিশেষক সম্বৰ্ধনা জনোৱাৰ লগতে নগধ ধনেৰে পুৰষ্কৃত কৰে ৷ ইয়াৰ লগত সংগতি ৰাখি ডিলাইত অলপতে কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীয়ে আগবঢ়োৱা বুজন পৰিমানৰ উৎকোচৰ ধনকো নস্যাৎ কৰি সততাৰে ড্ৰাগছৰ সৈতে তিনিটাকৈ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হোৱাৰ বাবে হোমগাৰ্ডৰ জোৱান বৰচিং বে’কো পৰিষদৰ তৰফৰ পৰা জিলা আৰক্ষী অধীক্ষকৰ জৰিয়তে ২ লাখ টকাৰ চেক পুৰষ্কাৰ হিচাপে প্ৰদান কৰে ৷

ইয়াৰোপৰি বোকাজানৰ বিধায়ক তথা বিধানসভাৰ উপাধক্ষ্য ডাঃ নোমল মমিনে তেওঁৰ দৰমহাৰ পৰা দহ হাজাৰ টকা বৰচিং বে’ক প্ৰদান কৰিব বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে ৷

আনহাতে জিলাখনত যুগ যুগ ধৰি বসবাস কৰি খিলঞ্জীয়া ভূমিপুত্ৰসকলক ভূমি পট্টা প্ৰদান কৰাৰ লগতে জিলাখনৰ ভূমিৰ পৰা অবৈধ সন্দেহযুক্ত লোক সকলৰ উচ্ছেদ কৰি সিহতৰ আগ্ৰাসনৰ পৰা জিলাখনক ৰক্ষা কৰিবলৈ আহ্বান জনায় ৷ তিনি পাৰ্বত্য জিলাৰ সাংসদ হৰেণছিং বে’ই পাৰ্বত্য জিলাসমূহত সংবিধান প্ৰদত্ত ষষ্ঠ অনুসূচীৰ বিশেষ সুবিধা থকাৰ বাবেই জিলাখনৰ ভূমি, ভাষা, কৃষ্টি সংস্কৃতি সুৰক্ষাৰ অধিকাৰ ভোগ কৰি আহিছে বুলি কয় ৷ বিজেপিয়ে শাসনভাৰ গ্ৰহণ কৰাৰ পৰাই পাৰ্বত্য জিলাসমূহত অধিক ক্ষমতা প্ৰদান কৰাৰ লগতে উন্নয়ন ত্বৰাণ্বিত হৈছে ৷ পূৰ্বে কংগ্ৰেছে পাৰ্বত্য জিলাসমূহৰ প্ৰতি মাহী আইৰ দৃষ্টিৰে চোৱাৰ বাবে জিলাখনৰ সামগ্ৰিক উন্নয়ণ স্থৱিৰ হৈ পৰিছিল বুলি উল্লেখ কৰে সাংসদগৰাকীয়ে ৷ বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে ভাষণ প্ৰসংগত জিলাখনৰ উন্নয়ণ চকুত লগা ধৰণৰ হৈছে আৰু বিভাগৰ সফলতাৰ কাৰ্ড সমুহে ইয়াৰ প্ৰমাণ বুলি কয় ৷ এনেকৈ সকলোৰে ঐক্যবদ্ধ প্ৰচেষ্টা অব্যাহত থাকিলে জিলাখনে উন্নয়ণৰ উচ্চ শিখৰ স্পৰ্ষ কৰিব বুলি কয় ৷ সভাপতিৰ ভাষণ প্ৰসংগত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কয় যে, এতিয়াৰে পৰা কাৰবি আংলং, ডিমা হাচাও স্বায়ত্তশাসিত পৰিষদ আৰু বড়োলেণ্ড টেৰিটৰিয়েল কাউঞ্চিলক সাঙুৰি সৰ্বাংগীন উন্নয়ন স্বাৰ্থ টীম ছীস্ক ছ্যেডুল হিচাপে কাম কৰাৰ সংকল্প লোৱা হ’ব বুলি কয় ৷ ডিমা হাচাও স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলিল গাৰলোচাই তুলিৰাম ৰংহাঙৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে ৷

Tags: Featured
Share4Tweet3Send

Related Posts

‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১
KARBI ANGLONG

‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১

by Staff Reporter
July 9, 2026
50
Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত
KARBI ANGLONG

Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত

by Staff Reporter
July 7, 2026
50
Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক
KARBI ANGLONG

Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক

by News Desk
July 4, 2026
50
Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ
KARBI ANGLONG

Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ

by News Desk
July 3, 2026
50
বিখ্যাত সুৰকাৰ তথা গীতিকাৰ ৰেভাৰেণ্ড হৰসিং ইংতিৰ দেহাৱসান:
KARBI ANGLONG

বিখ্যাত সুৰকাৰ তথা গীতিকাৰ ৰেভাৰেণ্ড হৰসিং ইংতিৰ দেহাৱসান:

by ASSAM TIMES POST
July 1, 2026
50
Youth Body recovered : বকলীয়াঘাটত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
KARBI ANGLONG

Youth Body recovered : বকলীয়াঘাটত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

by ASSAM TIMES POST
June 30, 2026
50
ADVERTISEMENT
E-20 Petrol : ইথানল মিহলি পেট্ৰ’ল ব্যৱহাৰে আপোনাৰ বাহনখনৰ ক্ষতি কৰিব পাৰে নেকি, কি কয় কেন্দ্ৰই
National-International

E-20 Petrol : ইথানল মিহলি পেট্ৰ’ল ব্যৱহাৰে আপোনাৰ বাহনখনৰ ক্ষতি কৰিব পাৰে নেকি, কি কয় কেন্দ্ৰই

July 10, 2026
50
HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে
Assam

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

July 10, 2026
50
Donald Trump : অধিক শক্তিশালী হৈ পৰিল ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প : আমেৰিকা আদালতৰ যুগান্তৰকাৰী ৰায়
National-International

Donald Trump I চোৰাংচোৱাৰ প্ৰতিবেদনত ইৰাণে হত্যাৰ ষড়যন্ত্ৰ ৰচনাৰ প্ৰতিবেদন পোৱাৰ পিছত ট্ৰাম্পে সলনি কৰিলে বিমান

July 10, 2026
50
FIFA World Cup 2026 : অপ্ৰতিৰোধ্য এবপাপে, পেনাল্টিত বিফল হৈয়ো ছেমি ফাইনেলত উপনীত কৰালে ফ্ৰান্সক
Sports News

FIFA World Cup 2026 : অপ্ৰতিৰোধ্য এবপাপে, পেনাল্টিত বিফল হৈয়ো ছেমি ফাইনেলত উপনীত কৰালে ফ্ৰান্সক

July 10, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

E-20 Petrol : ইথানল মিহলি পেট্ৰ’ল ব্যৱহাৰে আপোনাৰ বাহনখনৰ ক্ষতি কৰিব পাৰে নেকি, কি কয় কেন্দ্ৰই

E-20 Petrol : ইথানল মিহলি পেট্ৰ’ল ব্যৱহাৰে আপোনাৰ বাহনখনৰ ক্ষতি কৰিব পাৰে নেকি, কি কয় কেন্দ্ৰই

July 10, 2026
HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

July 10, 2026
Donald Trump : অধিক শক্তিশালী হৈ পৰিল ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প : আমেৰিকা আদালতৰ যুগান্তৰকাৰী ৰায়

Donald Trump I চোৰাংচোৱাৰ প্ৰতিবেদনত ইৰাণে হত্যাৰ ষড়যন্ত্ৰ ৰচনাৰ প্ৰতিবেদন পোৱাৰ পিছত ট্ৰাম্পে সলনি কৰিলে বিমান

July 10, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx