![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : যোৱা সোমবাৰে নিশা কাৰবি আংলং জিলাৰ ডিলাইত কৰ্তব্যৰত এগৰাকী সত্যনিষ্ঠ আৰু কৰ্তব্য পৰায়ণ গৃহৰক্ষী জোৱান বৰচিং বে’ৰ তৎপৰতাৰ বাবে দুই মহিলাসহ তিনি কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক সন্দেহযুক্ত ড্ৰাগছসহ আটক কৰিবলৈ সক্ষম হোৱা ঘটনাই ৰাজ্যজুৰি চৰ্চা লাভ কৰাৰ সময়তে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ ৭০ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ পৱিত্ৰক্ষণত বৰচিং বে’লৈ পৰিষদৰ তৰফৰ পৰা আগবঢ়োৱা হয় ১ লাখ টকাৰ চেক ৷ পাৰ্বত্য উন্নয়ন মন্ত্ৰী যোগেন মোহন আৰু কাৰবি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে জিলা আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙৰ হাতত অৰ্পণ কৰে উক্ত একলাখ টকীয়া চেক ৷

উল্লেখ যোগ্য যে, গৃহৰক্ষীৰ জোৱান বৰচিং বে’ক আৰক্ষী সঞ্চালক প্ৰধানে এক লাখ টকাৰ পুৰষ্কাৰ প্ৰদান কৰাৰ পিছতে বুধবাৰে কাৰবি আংলঙ স্বায়ত্তশাসিত পৰিষদেও প্ৰদান কৰে এক লাখ টকাৰ চেক ৷ আনহাতে বোকাজানৰ বিধায়ক তথা বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনেও বৰচিং বে’ৰ সততা আৰু কৰ্তব্য পৰায়ণতাৰ উচ্চ প্ৰশংসা কৰি নিজৰ দৰমহাৰ পৰা দহ হাজাৰ টকা দিব বুলি নিজৰ ভাষণ প্ৰসংগত ঘোষণা কৰে ৷ ইয়াৰোপৰি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ অনুসৰি ড্ৰাগছৰ বিৰুদ্ধে যি অভিযান চলিছে তাত সকলোৱে সহায়-সহযোগ কৰিলে অসম সোণকালে ড্ৰাগছমুক্ত হব বুলি কয় ৷












