![]()
ছাইদুল ইছলাম
ডিফু : ২০০৫ চনত কাৰবি-ডিমাচা সংঘৰ্ষত ডিফুৰ লাংমিলিৰ ১৬ জনকৈ লোক দুৰ্বৃত্তৰ জিঘ্যাংসাৰ বলিহৈ শ্বহীদ হোৱাৰ পিছত আজিকোপতি শ্বহীদ পৰিয়ালে চৰকাৰৰ পৰা কোনো আৰ্থিক সাহায্য নোপোৱাক কেন্দ্ৰ কৰি সংবাদ মাধ্যমৰ আগত ক্ষোভ উজাৰিছে শ্বহীদ পৰিয়ালৰ লোকে৷ উক্ত সংঘৰ্ষত শ্বহীদ ১৬ জনকৈ লোকৰ নাম, ঠিকনা, যাৱতীয় নথি-পত্ৰ বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত জমা কৰাৰ পিছত ১৬ বছৰ কাল অতিবাহিত কৰাৰ পিছতো কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা কোনো আৰ্থিক সাহায্য লাভ নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে ভুক্তভোগী পৰিয়ালৰ লোকে ৷ বৃহস্পতিবাৰে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ সচিবালয়ৰ সন্মুখত শ্বহীদ পৰিয়ালৰ লোকে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷
ভুক্তভোগী পৰিয়ালৰ লোকে সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত কয় যে, চাৰচিম আৰু প্ৰিচেকৰ নৰ সংহাৰত শ্বহীদ হোৱা পৰিয়ালৰ লোকে ৫ লাখ টকাকৈ এককালীন সাহায্য লাভ কৰিছে যদিও কাৰবি-ডিমাছা সংঘৰ্ষৰ সময়ত অতি নিৰ্মমভাবে তেওঁলোকৰ পৰিয়ালৰ লোকক হত্যা কৰাৰ পিছতো আজিলৈকে চৰকাৰী অনুমোদন লাভ কৰিবলৈ সক্ষম নহ’ল ৷ বাৰম্বাৰ চেষ্টা কৰিও একো সুফল লাভ নকৰিলে ভুক্তভোগী পৰিয়ালে ৷
কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে লাংমিলিৰ শ্বহীদ পৰিয়ালক আৰ্থিক সাহায্য প্ৰদান কৰাৰ আশ্বাস দিলেও পৰিষদখনৰ মাইকেল তিমুঙ নামৰ যুটীয়া সচিবগৰাকীয়ে এই ক্ষেত্ৰত বিলম্ব কৰি তেওঁলোকক বঞ্চিত কৰি আহিছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে ৷ মাইকেল তিমুঙৰ এনে অস্বাভাৱিক আচৰণৰ বাবে অসন্তুষ্টি প্ৰকাশ কৰিছে ভুক্তভোগী পৰিয়ালে ৷












