![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : নাবালিকা ধৰ্ষণৰ দৰে জঘণ্য অপৰাধৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰিলেও অপৰাধীয়ে অনায়াসে সংঘটিত কৰিছে ধৰ্ষণ কাৰ্য ৷ শেহতীয়াকৈ কাৰবি আংলং জিলাৰ সদৰ চহৰ ডিংফুতো সংঘটিত হৈছে নাবালিকা শিশু ধৰ্ষণ কাৰ্য ৷ বুধবাৰে নিশা এজন লম্পট ধৰ্ষণকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতহে পোহৰলৈ আহিছে শিশু ধৰ্ষণৰ এক লজ্জাজনক বিষয় ৷ আৰক্ষীৰ সূত্ৰে জানিব পৰা অনুসৰি যোৱা ১৯ জুনৰ পুৱাৰ ভাগত ডিফুৰ ধৰমনালা উচমান কলনিস্থিত মৃত ৰজৱ আলীৰ পুত্ৰ আইনুল হকে (৫৫) এটি ফুল কুমলীয়া ছয়বছৰীয়া কণ্যাক মাতি নি এখন ঘৰত শিশুটিৰ সৈতে অসৎ কাৰ্য চৰিতাৰ্থ কৰে ৷
এই সন্দৰ্ভত ধৰ্ষিতা শিশুটিৰ পিতৃ-মাতৃৰ এজাহাৰৰ ভিত্তিত ডিফু থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ৩৭৬ (কখ) আৰু পকচ’ আইনৰ আৰ/ডব্লিউ ধাৰা ৬ মতে ডিফু থানাত ১৫৮/২০২১ নম্বৰত এক গোছৰ ৰুজো দি তদন্তৰ ভাৰ সহকাৰী উপ-পৰিদৰ্শক ক্ষেমা ছেত্ৰীক অৰ্পণ কৰে ৷ সেই মৰ্মে ডিফু নগৰ আৰক্ষী চকীৰ সহকাৰী উপ-পৰিদৰ্শক আবুল ফাৰুকে বিশেষ তৎপৰতাৰে অভিযুক্ত আইনুল হকক মৰিগাওঁ জিলাৰ ভুৰাগাওঁ থানা এলেকাৰ শোনিতপুৰ জিলাৰ নিকটৱৰ্তী ব্ৰক্ষ্মপুত্ৰৰ পাৰৰ ভড়ালী গাঁৱৰ পৰা বুধবাৰে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷
অভিযুক্তটোক ধৰিবলৈ আৰক্ষীয়ে তিনিদিনলৈ মোবাইল ফোন ট্ৰেকিং পদ্ধতি ব্যৱহাৰ কৰিছিল ৷ অতি চতুৰ আইনুল হকে ২-৩ ঘণ্টাৰ মূৰে মূৰে স্থান সলাই ফুৰাৰ বাবে তাক বিচাৰি ওলাবলৈ আৰক্ষীৰ অসুবিধা হৈছিল বুলি জানিব পৰা গৈছে ৷ উক্ত তিনিদিনৰ ভিতৰত আইনুল হকে আৰক্ষীৰ বিভ্ৰান্ত কৰি নগাওঁ জিলাৰ দগাওঁ, শছামধৰা, ভড়ালীমাৰী, পুঠিমাৰী, দক্ষিণ কলাডুবা জেঙনি আৰু মৰিগাওঁ জিলাৰ মৈৰাবাৰী, লাহৰিঘাট, তাপতলা ভূৰাগাঁও আদিত স্থান সলনি কৰি আছিল বলি আৰক্ষীয়ে জানিবলৈ দিছে।













