![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে বিশেষ সফলতা লাভ কৰাৰ সমান্তৰালকৈ এইবাৰ অবৈধ মৰণাস্ত্ৰৰ বিৰুদ্ধে লাভ কৰিছে আন এক সফলতা ৷ প্ৰাপ্ত খবৰ অনুসৰি বোকাজানৰ SDPO জন দাস, বৰপথাৰ CI ভূপেন কলিতা আৰু খটখটী OC মৌব্লিক ব্ৰহ্মই অভিযান চলাই উদ্ধাৰ কৰে প্ৰাণনাশক দুটা পিষ্টল ।
বোকাজান আৰক্ষীয়ে এক বিশেষ খবৰৰ ভিত্তিত খটখটীত নাকা তালাচীত এজন যুৱকক তালাচী চলাওঁতে আৰক্ষীৰ জালত পৰে ধৃত চাহিল খান @ চলমান খান ।
ধৃত চাহিল খানৰ পৰা এটা .’২২ পিষ্টল আৰু এটা ৭.৬৫ পিষ্টলৰ সৈতে ৭ জাই সজীৱ গুলি উদ্ধাৰ কৰে আৰক্ষীয়ে ।
আৰক্ষীৰ তদন্তত পিষ্টল দুটা বিক্ৰীৰ উদ্দেশ্যে আনিছিল বুলি জানিব পৰা গৈছে । পৰৱৰ্তী সময়ত আৰক্ষীয়ে অধিক তথ্য দাঙি ধৰিব বুলি জানিবলৈ দিয়ে ।












