![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : অলপতে এখন নৈশ বাছৰ পৰা বাৰ কোটি টকাৰ ড্ৰাগছ জব্দ কৰাৰ লগতে ড্ৰাগছ সৰবৰাহকাৰীয়ে আগবঢ়োৱা শকত ধনৰ উৎকোচ উপেক্ষা কৰি এগৰাকী গৃহৰক্ষী বাহিনীৰ জোৱান ৰাজ্যজুৰি চৰ্চালৈ অহাৰ সময়তে আজি ডিলাই থানাৰ উক্ত নিশাৰ অভিযানত ভাগ লোৱা আৰক্ষী জোৱানসকলক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাৰ্বি আংলং জিলা সমিতিৰ তৰফৰ পৰা আজি সম্বৰ্ধনা জনোৱা হয়।
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি জিতু ফুকনে আজি দিনৰ প্ৰায় এঘাৰ বজাত ডিলাই থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিতোপন চুতীয়া, নতুনকৈ আৰক্ষী কনিষ্টবল হিচাপে নিযুক্তি লাভ কৰা গৃহৰক্ষী বাহিনীৰ জোৱান বৰছিং বে’ক গামোচা, শৰাই আৰু প্ৰশস্তি পত্ৰৰে সম্বৰ্ধনা জনোৱাৰ লগতে উক্ত নিশাৰ অভিযানত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী নিৰাপত্তাৰক্ষীকে সম্বৰ্ধনা জনায়।
বিগত সময়ছোৱাত ড্ৰাগছ সৰবৰাহকাৰী তথা গাড়ীচোৰকে ধৰি অপৰাধী চক্ৰৰ বিৰুদ্ধে ডিলাই আৰক্ষীয়ে গ্ৰহণ কৰা কঠোৰ স্থিতিৰ বাবে থানাখনৰ ভাৰপ্ৰাপ্ত বিষয়া বিতোপন চুতীয়াকে ধৰি সকলোকে আন্তৰিক ধন্যবাদ জনায় অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি জিতু ফুকনে।













