![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : ঘাইপথত যান বাহনসমূহৰ অনিয়ন্ত্ৰিত গতিত হোৱা চলাচলৰ বাবে অধিক দুৰ্ঘটনা সংঘটিত হৈ অহাৰ সময়তে ঘাইপথত যান-বাহনৰ গতি নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে কাৰ্বি আংলং জিলা পৰিবহণ বিভাগৰ তৰফৰ পৰা স্পীড ৰাডাৰ গান শীৰ্ষক এক নতুন প্ৰযুক্তিৰ ব্যৱস্থা কৰা হৈছে । সেই অনুসৰি বিভাগটোৱে উক্ত প্ৰযুক্তিৰ জৰিয়তে মাত্ৰাধিক বেগত যোৱা বাহনসমূহ চিনাক্ত কৰি ইয়াৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
জিলাখনৰ ডিফু-মাঞ্জা পথত আজি জিলা পৰিবহণ বিষয়া বিক্ৰমাদিত্য গগৈয়ে সাংবাদিকক এই বিশেষ যন্ত্ৰটো পৰিদৰ্শন কৰি ইয়াৰ সবিশেষ ব্যাখ্যা আগবঢ়ায়। লগতে বিগত এটা সপ্তাহ ধৰি ৰাষ্ট্ৰীয় ঘাইপথত কম সময়ৰ বাবে এই যন্ত্ৰ ব্যৱহাৰ কৰাৰ সময়ত ঘাইপথৰে যোৱা অৰ্ধেকাংশ বাহনেই প্ৰয়োজনতকৈ অধিক গতিৰে বাহন চলোৱা দৃষ্টিগোচৰ হোৱা বুলি জিলা পৰিবহণ বিষয়াগৰাকীয়ে কয়।
আনহাতে, কাৰ্বি আংলং জিলা পৰিবহণ বিভাগৰ সকলোধৰণৰ লেনদেন নগদবিহীন কৰি তোলাৰ ব্যৱস্থা কৰা হৈছে বুলি বিষয়াগৰাকীয়ে সংবাদ মাধ্যমক অৱগত কৰে । কাৰ্যালয়টোত এতিয়াৰে পৰা সকলোধৰণৰ লেনদেন কাৰ্ডৰ জৰিয়তেহে কৰা হ’ব বুলি জিলা পৰিবহণ বিষয়া বিক্ৰমাদিত্য গগৈয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে ।












