![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
পশ্চিম কাৰ্বিআংলং : সমগ্ৰ বিশ্বতে মহামাৰী কৰোনাৰ দ্বিতীয় ঢৌয়ে কালৰূপ ধাৰণ কৰাত সমগ্ৰ ৰাজ্যতে আজিও বন্ধ হৈ আছে বিদ্যালয়সমূহ । সেয়ে বহু ছাত্ৰ-ছাত্ৰীয়ে পঢ়াৰ লগতে নিজকে মনোনিবেশ কৰিছে বিভিন্ন কামত । বিদ্যালয় বন্ধ হোৱাত ঘৰতে থাকি অবাবত সময় নষ্ট নকৰি কাঠ-বাঁহেৰে বিভিন্ন সামগ্ৰী নিৰ্মাণ কৰি কিছু আৰ্থিক উপাৰ্জন কৰাত সফল হৈছে । উপাৰ্জন কৰিবলৈ সক্ষম হৈছে নিজৰ প্ৰয়োজনীয় খৰচ। তাৰে এক উদাহৰণ হৈছে বৈঠালাংছ’ৰ এজন দশম শ্ৰেণীৰ ছাত্ৰ। নাম সঞ্জু নাথ। কাঠ মিষ্ট্ৰি কাম কৰি ৫ জনীয়া পৰিয়ালটো পোহ পাল দি থকা বৈঠালাংছ’ৰ নিবাসী দিগন্ত নাথৰ জেষ্ঠ পুত্ৰ তথা দশম শ্ৰেণীৰ ছাত্ৰ সঞ্জু নাথে কৰোনাৰ এই মিনি ল’কডাউনৰ দিন কেইটাত কাঠ-বাঁহেৰে সংলগ্ন কৰি নিৰ্মাণ কৰিছে টংঘৰ, কাপ, গিলাছ, ফ্লাস্ক, ফুলদানি আদি বিভিন্ন সামগ্ৰী । সঞ্জুৰ এই সামগ্ৰীসমূহে বহু সমাদৰ লাভ কৰিবলৈ সক্ষমো হৈছে।
ইতিমধ্যে বহু সামগ্ৰী বিক্ৰীও কৰাৰ লগতে সামগ্ৰী নিৰ্মাণ বাবে অৰ্দাৰো লাভ কৰিছে সঞ্জুয়ে । সামগ্ৰীসমূহ বিক্ৰী কৰি লাভ কৰা ধনেৰে নিজৰ টিউচনৰ ফিজ তথা ঘৰুৱা অনান্য খৰচ উলিয়াবলৈও সক্ষম হৈছে সঞ্জু। লগতে এই লকডাউনৰ সময়ত দিন মজুৰি কৰি পৰিয়াল পোহপাল দি থকা পিতৃক বহু সকাহ দিছে সঞ্জুয়ে । পঢ়াৰ সমান্তৰালকৈ বিদ্যালয় বন্ধ বুলি অবাবত মূল্যবান সময়বোৰ নষ্ট নকৰি এক সৃষ্টিশীল মনেৰে নিজৰ লগতে সমাজৰ উৎকৰ্ষ সাধন কৰাৰ সঞ্জুৰ এই প্ৰচেষ্টাক সকলোয়ে প্ৰসংশা কৰিছে ।












