![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : আজি ডিফুত কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ অধীনস্থ হস্ততাঁত বস্ত্ৰ শিল্প বিভাগৰ যুটীয়া সঞ্চালকৰ এটি তিনি মহলীয়া ভৱনৰ আধাৰশিলা স্থাপন কৰা হয়৷ বছেৰেকীয়া বাজেটৰ SOPDৰ অধীনত নিৰ্মাণ কৰিবলৈ ধৰা ভৱনটোৰ আধাৰশিলা স্থাপন কৰে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ৷
আধাৰশিলা স্থাপন কৰি পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙে কয় যে-এই ভৱনটো সম্পূৰ্ণ হোৱাৰ লগে লগে জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বিশেষকৈ যুৱতীসকলৰ বাবে হস্ততাঁত বস্ত্ৰ শিল্পৰ প্ৰশিক্ষণ গ্ৰহণৰ ক্ষেত্ৰত বহুখিনি সুবিধা হ’ব৷ আৰু তেনে স্বাৰ্থতেই এই ভৱনটো নিৰ্মাণ কৰা হৈছে৷এই অনুষ্ঠানত পৰিষদৰ বিভাগীয় কাৰ্যবাহী সদস্য ৰতন টেৰণ, বিধায়ক বিদ্যাছিং ইংলেং প্ৰমুখ্য পৰিষদৰ পাৰিষদসকল উপস্থিত থাকে৷













