![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : ক’ডিড ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি আজি কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ সচিবালয়ত এক চেনিটাইজেশ্যন কাৰ্যসূচী গ্ৰহণ কৰা হয়৷ পুৱা পৰিষদৰ কাৰ্যবাহী সদস্য ৰতন টেৰণৰ উদ্যোগত পুৱা ১০.৩০ বজাৰ পৰা গ্ৰহণ কৰা এই কাৰ্যসূচী আনুষ্ঠানিকভাৱে মুকলি কৰে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙ৷ ইয়াৰ পাছতেই পৰিষদৰ সচিবালয়ৰ বাহিৰে ভিতৰে ছেনিটাইজেশ্যন কৰা হয়৷ একেদৰে এই কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি ডিফুৰ বাৰোৱাৰী মন্দিৰ প্ৰাঙ্গনত জ্যেষ্ঠ নাগৰিকসকলৰ মাজত চি ভিটামিন ঔষধ, হেণ্ড ছেনিটাইজাৰ, মাস্ক আদি বিতৰণ কৰে মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙে৷ এই অনুষ্ঠানত পৰিষদৰ পাৰিষদসকলেও অংশগ্ৰহণ কৰে ৷













