ডিজিটেল সেৱাঃ এতিয়াৰে পৰা অসমৰ কৃষকসকলে অতি কম সময়তে, কম খৰচতে ‘ড্ৰাম ছীডাৰ’ পদ্ধতিৰে প্ৰতিদিনে ১ হেক্টৰ মাটিত ৰুব পাৰিব কঠিয়া।

যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত শিৱসাগৰ জিলাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ বিশেষজ্ঞ দলে বিশ্ব বেংকৰ ‘এপাৰ্ট’ প্ৰকল্পৰ অধীনত কৃষকৰ সুবিধাৰ্থে পৰীক্ষামূলকভাৱে এই পদ্ধতি ৰূপায়ণ কৰিছে।
বৃহস্পতিবাৰে শিৱসাগৰ জিলাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ বিশেষজ্ঞ দলে কচুপথাৰ গাঁৱৰ অগ্ৰণী খেতিয়ক শৰৎ গগৈৰ পথাৰত ২০ গৰাকী খেতিয়কৰ উপস্থিতিত পৰীক্ষমূলকভাৱে এই ‘ড্ৰাম ছীডাৰ’ পদ্ধতি সফলভাৱে সম্পন্ন কৰে৷

উক্ত অনুষ্ঠানত উপস্থিত থাকে শিৱসাগৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ জ্যোষ্ঠ কৃষি বিজ্ঞানী তথা শিৱসাগৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ অধ্যাপক ড০ প্ৰদীপ সন্দিকৈ, আই.আৰ.আৰ.আই বিশেষজ্ঞ বিবেক কুমাৰ, জুনিয়ৰ আই.আৰ.আৰ.আই গৱেষিকা ছাত্ৰী অঙ্কিতা চাহু, ‘এপাৰ্ট’ প্ৰকল্পৰ বিশেষজ্ঞা গায়ত্ৰী গোস্বামী উপস্থিত থাকে৷

সমগ্ৰ পৰীক্ষামূলকভাৱে কৰা ‘ড্ৰাম ছীডাৰ’ পদ্ধতিক উপস্থিত কৃষকসকলে গ্ৰহণ কৰাৰ লগতে ভৱিষ্যতৰ সময়ত তেওঁলোকে এই পদ্ধতি গ্ৰহণ কৰি বহু পৰিমাণে উপকৃত হ’ব বুলি আশা প্ৰকাশ কৰে৷













