ASSAM TIMES POST
ডিফুঃ ডিফু পৌৰনিগমৰ অধীনত ডিফু চহৰৰ ১০ টাকৈ ৱাৰ্ডৰ পৰা সংগ্ৰহ কৰা জাবৰ পেলোৱা কাৰ্যত নিৰাপদ আৰু নিৰ্দিষ্ট স্থান বাচনি নকৰাক লৈ ৰাইজৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ আজি ডিফু ৰাজহুৱা শ্মশান ঘাটৰ চৌহদৰ ভিতৰত ডিফু পৌৰ নিগমে দ’মে দ’মে জাবৰক পেলোৱাকলৈ আজি পুৱাৰ পৰাই শ্মশানঘাটত স্থানীয় ৰাইজ তীব্ৰ প্ৰতিবাদ সাব্যস্থ কৰে৷
এলেকাটোৰ একাংশ মহিলা শ্মশানঘাটলৈ আহি শ্মশানঘাটৰ মূল প্ৰৱেশদ্বাৰ বন্ধ কৰি পৌৰ নিগমৰ জাবৰ পেলোৱা গাড়ীক প্ৰৱেশ কৰাত বাধা আৰোপ কৰে আৰু ঘূৰাই পঠায়৷ স্থানীয় ৰাইজে অভিযোগ কৰা অনুসৰি বিগত ডেৰমাহৰ পৰা ডিফু পৌৰনিগমে জনস্বাস্থ্যৰ প্ৰতি পিঠি দি জনবসতি থকা এলেকাত এনেদৰে নীতি বহিঃৰ্ভূত ভাবে জাবৰ পেলোৱাত এলেকাটোৰ বাসিন্দা সকল নানা বেমাৰত আক্ৰান্ত হৈছে ৷
দূৰ্গন্ধৰ বাবে ভাত-পানী খাব নোৱাৰা হৈছে৷ এই খবৰ পাই ডিফু পৌৰ নিগমৰ অধ্যক্ষ ৰাহ ক্ৰ’ই সংগীয় ৱাৰ্ড কমিচনাৰ সকলক লগতলৈ ঘটনাস্থলীলৈ আহি পূৰ্বে জমা কৰা জাবৰ দ’ম পৌৰ নিগমৰ গাড়ীৰে পুনৰ উঠাই লৈ যাবলৈ নিৰ্দেশ প্ৰদান কৰে৷ অধ্যক্ষ গৰাকীৰ নিৰ্দেশ পাই জেচিবি ট্ৰাক, মিনি ট্ৰাকেৰে জাঁবৰ সমূহ পুনৰ শ্মশানঘাটৰ চৌহদৰ পৰা উঠাই নিয়াতহে ৰাইজে স্বস্তিৰ নিশ্বাস পেলায়৷












