ASSAM TIMES POST
বকলীয়াঘাটঃ শুকুৰবাৰে সন্ধিয়া কাৰ্বি আংলং জিলাৰ ডকমকা নগৰৰ পৰা অচিনাক্ত দুৰ্বৃত্তই এগৰাকী যুৱ ব্যৱসায়ীক অপহৰণ কৰি নিয়া ঘটনাক কেন্দ্ৰ কৰি জিলাখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।
ঘটনাৰ বিৱৰণী অনুসৰি ডকমকা নগৰত হাৰ্ডৱেৰৰ ব্যৱসায় কৰা বিজয় আগৰৱাল (৩৫) নামৰ যুৱ ব্যৱসায়ীগৰাকীক দোকান বন্ধ কৰি দোকানৰে সংলগ্ন ঘৰলৈ যোৱাৰ সময়তে সন্ধিয়া প্ৰায় ৬-১৫ বজাত দুখন মটৰচাইকেলত অহা তিনিজনীয়া মৰণাস্ত্ৰধাৰী দুৰ্বৃত্তৰ দলে ব্যৱসায়ীগৰাকীক নিজ ঘৰৰ পৰাই অপহৰণ কৰি নিয়ে।
বৰ্তমানলৈকে কোনো পক্ষই অপহৰণৰ দায়িত্ব স্বীকাৰ কৰা নাই। অসম আৰক্ষীৰ উচ্চ পদস্থ বিষয়া ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।













