ASSAM TIMES POST
পশ্চিম কাৰ্বি আংলংঃ বৈঠালাংছ’ সাৰ্বজনীন কালিমন্দিৰত যোৱা ৭ ছেপ্টেম্বৰ তাৰিখে হোৱা চুৰি কাণ্ডৰ মূল অভিযুক্তক আটক বৈঠালাংছ’ আৰক্ষীৰ৷
এক গোপন সূত্ৰৰ পমখেদি যোৱানিশা বৈঠালাংছ’ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পৱন কলিতাৰ নেতৃত্বত যোৱা এটি দলে কামপুৰ ৰেলৱে ষ্টেচনৰ পৰা কৰায়ত্ত কৰে গোবিন্দ নাথ নামৰ চোৰটোক৷
ইতিমধ্যে মন্দিৰটোৰ পৰা চুৰি হোৱা সামগ্ৰীখিনিৰ ওপৰিও বিভিন্ন ঠাইৰ পৰা চুৰি কৰা সামগ্ৰীও উদ্ধাৰ কৰে আৰক্ষীৰ দলটোৱে৷













