ASSAM TIMES POST
ডিফুঃ পাহাৰীয়া জিলাৰ সদৰ চহৰ ডিফুত নাবালিকা ছোৱালীক ধৰ্ষণ কৰি যুৱক ৰঙাঘৰৰ আলহী হোৱাৰ ঘটনাত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ নাবালিকা ছোৱালীজনীৰ পিতৃয়ে এই ডিফু নগৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰে ৷
এজাহাৰ মতে ছোৱালীজনীক যোৱা দেওবাৰে ডিফু পানবাৰী ফৰেষ্ট কলনি নিবাসী ৰাজ বসুমতাৰী (১৯) নামৰ যুৱক জনে নিজ ঘৰত মাতি নি ধৰ্ষণ কৰে ৷ ধৰ্ষণৰ কথা ধৃত যুৱক ৰাজ বসুমতাৰীয়ে সাংবাদিকৰ আগত স্বীকাৰ কৰে ৷
নাবালিকা ছোৱালীজনীৰ পিতৃৰ এজাহাৰৰ ভিত্তিত ডিফু থানাত ২৪৯/১৯নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ ৩৭৬ ধাৰা আৰু আৰ/ডব্লিউ পচক’ৰ ৪ মতে গোছৰ ৰুজো দি ধৃত যুৱক জনক ডিফু ন্যায়িক আদালতৰ জৰিয়তে জেল হাজোতলৈ প্ৰেৰণ কৰে ৷













