ASSAM TIMES POST
প্ৰশান্ত বৰা,বকলীয়াঘাটঃ আজি দুপৰীয়াৰ ভাগত বকলীয়াঘাট নগৰৰ অন্তৰ্গত ২ নং উদালিত সংঘটিত হোৱা এক অগ্নিকাণ্ডৰ ঘটনাত এটা ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত হয়।

আজি দুপৰীয়া প্ৰায় এক বজাত ২ নং উদালিৰ ৰঞ্জিত দাসৰ ঘৰত অকস্মাতে অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে । জুইৰ লেলিহান শিখাই নিমিষতে গোটেই ঘৰ আৱৰি ধৰাৰ ফলত কেইটামান মূহূৰ্তৰ ভিতৰতে ঘৰটো সম্পূৰ্ণৰূপে ভস্মীভূত হয় ।
অগ্নি নিৰ্বাপক বাহিনীৰ লোক ঘটনাস্থলীত উপস্থিত হয় যদিও ইয়াৰ পূৰ্বেই ঘৰটো সম্পূৰ্ণৰূপে ছাঁইত পৰিণত হয়। অগ্নিকাণ্ডৰ ফলত ঘৰটোৰ কেইবা লক্ষাধিক টকাৰ সম্পত্তি জুইত জাহ যায় । পাকঘৰৰ চৌকাৰ পৰা নিৰ্গত হোৱা জুইৰ পৰাই এনে ধ্বংসলীলা সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে।













