ষ্টাফ ৰিপ’ৰ্টাৰ:
তিনিগৰাকী পত্নীৰ গৰাকীয়ে অপহৰণ কৰিলে নাৱালিকাক।এই ঘটনা সংঘটিত হৈছে দক্ষিণ শালমাৰা-মানকাচৰ জিলাত। দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ জোনাকী সংঘ জাতীয় বিদ্যাপীঠৰ এগৰাকী নৱম শ্ৰেনীৰ ১৫ বছৰীয়া ছাত্ৰীক সোমবাৰে স্থানীয় গাওঁ পঞ্চায়তৰ সদস্যৰ অভিভাৱক এজনে অপহৰণ কৰা ঘটনাক লৈ মঙ্গলবাৰে ভুক্তভোগী পৰিয়ালে আৰক্ষী অধীক্ষকৰ ওচৰত এজাহাৰ দাখিল কৰে।
উল্লেখযোগ্য যে সোমবাৰে পুৱা প্ৰায় ৯-৩০ বজাত উক্ত থানা এলেকাৰ দিয়াৰা বেপাৰীপাৰা গাঁৱৰ নৱম শ্ৰেনীৰ ছাত্ৰী গৰাকীয়ে টেম্পু গাড়ীৰে প্ৰায় ৩ কিলোমিটাৰ নিলগত থকা অধ্যনয়ৰত ঝালোৰচৰ জোনাকী সংঘ বিদ্যাপীঠলৈ যায়।
ছাত্ৰীগৰাকীয়ে বিয়লিৰ ভাগত শিক্ষানুষ্ঠানৰ পৰা উভতি অহাৰ পথত মানকাচৰৰ পাথুৰীয়া গাঁও পঞ্চায়তৰ সদস্যা সাহিনুৰ ইছলামে নাবালিকা ছাত্ৰীগৰাকীক অপহৰণ কৰে।
ঘটনাক লৈ পৰিয়ালৰ লোকে মঙ্গলবাৰে পুৱাৰ ভাগত ভুক্তভোগী পৰিয়ালটো জিলাৰ সদৰ হাটশিঙিমাৰীস্থ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আহি আৰক্ষী অধীক্ষকৰ ওচৰত এজাহাৰ দাখিল কৰে। উক্ত এজাহাৰৰ ভিত্তীত আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰি ছাত্ৰী গৰাকীক উদ্ধাৰৰ বাবে অনুসন্ধান আৰম্ভ কৰিছে।
ভুক্তভোগী পৰিয়ালটোৱে জানিব দিয়া মতে, পাথুৰীয়া গাওঁ পঞ্চায়তৰ অধীনস্থ দিয়াৰা ডুমুৰতোলা গাওঁৰ বাসিন্ধা সাহিনুৰ ইছলাম পূৰ্বে গাওঁ পঞ্চায়তৰ সদস্যা মাজেদা খাতুনসহ তিনিগৰাকীক বিবাহ কৰিছে।
লম্পট-চৰিত্ৰহীন স্বভাৱৰ ব্যক্তিজনে নৱম শ্ৰেনীৰ নাবালিকা ছাত্ৰীগৰাকীক অপহৰণ কৰি ধৰ্ষণ কৰি হত্যা কৰিব পাৰে বুলি পৰিয়ালৰ লোকে চিন্তিত হৈ পৰিছে।সেয়ে নাবালিকা ছাত্ৰীগৰাকীক আৰক্ষীয়ে সোনকালে উদ্ধাৰ কৰি সাহিনুৰক গ্ৰেপ্তাৰৰ বাবে দাবী তুলিছে পৰিয়ালটোৱে।