ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু :মুখ্যমন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মাক পিষ্টলেৰে গুলীয়াই মাৰিবলৈ এজন যুৱকক দুৰ্বত্তই প্ৰৰোচিত কৰা বুলি দাবী কৰা যুৱক শৰৎ দাস বৰ্তমান আৰক্ষীৰ জিম্মাত ৷ শণিবাৰে মুখ্যমন্ত্ৰীক গুলীয়াই হত্যা কৰিবলৈ প্ৰৰোচিত কৰা বুলি এটা ভিডিঅ’ ভাইৰেল হোৱাকলৈ ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল ৷
ভিডিঅ’বাৰ্তাটোত লক্ষীমপুৰৰ ডকুৱাখানাৰ এজন যুৱকে নিজকে শৰৎ দাস বুলি পৰিচয় দি তেওঁক কোনো নগা দুৰ্বৃত্তৰ দল ডিমাপুৰৰ পৰা অপহৰণ কৰি যুৱকজনৰ পৰা ৩ লক্ষ্যাধিক টকাৰ নগদ ধন, পান কাৰ্ড, ভোটাৰ কাৰ্ডৰ দৰে গুৰুত্বপূৰ্ণ নথি পত্ৰ কাঢ়ি লৈছে বুলি জনাইছিল ৷ যুৱকজনে অতি ভয়াৰ্তভাবে কান্দি কান্দি কৈছিলযে তেওক দুৰ্বত্তৰ দলটোৱে ডিমাপুৰৰ কোনো অজ্ঞাত স্থানত আৱদ্ধ কৰি থৈছে ৷
তেওঁ ৯ অক্টোবৰত ডিমাপুৰত কাপোৰ কিনিবলৈ আহিছিল আৰু তাৰ পৰাই তেওঁ অপহৃত হৈছিল বুলি কৈছিল ৷ তেওক এটা পিষ্টল আৰু গুলী দি দুৰ্বৃত্তৰ দলটোৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হত্যা কৰিবলৈ নিৰ্দেশ দিছিল ৷ সেয়ে যুৱকজনে ভিডিঅ’ বাৰ্তাটোত তেওঁক উদ্ধাৰ কৰাৰ লগতে অসমবাসীক সজাগ হবলৈ আহ্বান জনাইছিল ৷ যুৱকজনৰ কৱলৰ পৰা আৰক্ষীয়ে এটা পিষ্টল আৰু ৩ জাঁই সজীৱ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷
তাৰ পিছত শণিবাৰে সন্ধিয়া যুৱকজনে দুৰ্বৃত্তৰ কৱলৰ পৰা পলাই আহি লাহৰিজানত এখন হোটেলত আশ্ৰয় লৈছিল ৷ তাৰ পৰা খটখটী আৰক্ষীয়ে যুৱকজনক উদ্ধাৰ কৰি নিজৰ জিম্মালৈ আনে ৷ যুৱক জনৰ পৰা অধিক তথ্য জনাৰ বাবে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ৷