![]()
ছাইদুল ইছলাম
ডিফু : সন্মানীয় লেংগুৱেষ্টিক ছ’চাইটি অৱ আমেৰিকাৰ তৰফৰ পৰা বঁটা প্ৰাপ্ত ডিফুৰ ছিকাৰী তিছ’ক আজি কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ তৰফৰ পৰা আনুষ্ঠানিকভাবে সম্বৰ্ধনা জনোৱা হয় ৷ আজি কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ সন্মিলন কক্ষত এক গাম্ভীৰ্যপুৰ্ণ অনুষ্ঠানত সাহিত্যৰ সাধক ছিকাৰী তিচ’ক কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহি সদস্য তুলিৰাম ৰংহাঙে আমেৰিকাৰ পৰা কমিউনিটি বঁটা ২০২১ প্ৰাপ্ত ছিকাৰী তিচ’ক কাৰবি চয়হংথৰ, জাম্বুৰং পহ’ আৰু প্ৰশস্তি পত্ৰৰে উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে৷ সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত কমিউনিটি লেংগুৱেষ্টিক-২০২১ বঁটা প্ৰাপ্ত ছিকাৰী তিচ’ৱে কয় যে, ভাষা-সাহিত্যৰ উত্তৰণৰ বাবে তেওঁৰ আজীৱন পৰিকল্পনা আছে ৷ তেওঁ তিনিটা ক্ৰমে, কাৰবি, অসমীয়া ইংৰাজী ভাষাৰ ট্ৰাইলিং বেল নামৰ এক অভিধান প্ৰণয়ন কৰি আছে যাৰ ৬০ শতাংশ কাম প্ৰায় সম্পূৰ্ণ হৈছে বুলি কয় ৷ ইণ্ডিজেনাছ ট্ৰাইবেল সাহিত্য সভা সন্থাৰ অধীনত ৮টা জনগোষ্ঠী ভাষাৰ সংমিশ্ৰণেৰে এক বৃহৎ শব্দকোষ প্ৰণয়ণৰ কাম হাতত লৈছে বুলি জনায় লেখক গৰাকীয়ে ৷
এই ক্ষেত্ৰত আটাইকেইটা স্বায়ত্তশাসিত পৰিষদে সহায়ৰ হাত আগবঢ়াইছে বুলি মন্তব্য কৰে ৷ আনহাতে নৱ প্ৰজন্মৰ প্ৰতি আহ্বান জনাই বঁটা প্ৰাপকজনে কয় যে, সকলো ভাষাক সন্মান আৰু সম মুল্য দি ভাষা চৰ্চা কৰিব লাগে বুলি কয় ৷ কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কয়যে, লেংগুৱেষ্টিক ছ’চাইটি অৱ আমেৰিকাৰ তৰফৰ পৰা ভাৰতৰ ভিতৰতে দ্বিতীয় বঁটা প্ৰাপক ছিকাৰী তিচ’ কাৰবি আংলঙৰ গৌৰৱ ৷ ১০ খনত অধিক গ্ৰন্থ ৰচনা কৰা লেখক সকলৰ লিখাৰ বাবে প্ৰয়োজনীয় যাৱতীয় খৰচ আৰু বীমা বহন কৰিব মন্তব্য কৰে ৷
উল্লেখযোগ্য যে, দীর্ঘদিনৰ পৰা কার্বি ভাষাৰ বিষয়ত নিৰলে গবেষণাৰত চিকাৰী তিছ’ই আমেৰিকাৰ গৱেষক লিন্দা কৰনাটক কার্বি ব্যাকৰণ লিখাৰ বাবে ৫ বছৰ ধৰি তিছই সহযােগিতা আগবঢ়াই আহিছিল। কার্বি সাধুকথা, কার্বি লোক-সংস্কৃতিৰ হেৰাই যাব ধৰা সম্পদসমূহ একত্রিত কৰি প্রকাশ কৰি আহিছে।
চিকাৰী তিছই। ইয়াৰ লগতে অসমৰ বিভিন্ন কাকত আলোচনীত তিছই অসমীয়া ভাষাত লিখি আহিছে বিভিন্ন প্রবন্ধ। যোৱা ১৩ জানুৱাৰীত আমেৰিকাৰ পৰা আনুষ্ঠানিকভাবে ভাৰচুৱেলি তিছ’ক এই সন্মানীয় বটা প্রদান কৰা হয় ৷ আজিৰ সম্বৰ্ধনা অনুষ্ঠানত সাংসদ হৰেণছিং বে’ স্থানীয় বিধায়ক বিদ্যাছিং ইংলেঙ, ইএমএচি সকল চেণ্টাৰ ফৰ কাৰবি ষ্টাডিজৰ সঞ্চালক ধৰমচিং টেৰণ, কেএলডিবিৰ অধ্যক্ষ লংচিং টেৰণ প্ৰমুখ্য কৰি গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে ৷












