![]()
মনোৰঞ্জনঃ
এইবাৰ অসমৰ নহয়, বলীউডৰ চিলেব্ৰেটীৰ মুখত শুনিবলৈ পোৱা গ’ল দীপলিনা ডেকাৰ নাম। হয়, আপুনি ঠিকেই শুনিছে। যুৱপ্ৰজন্মৰ হৃদয়ৰ মাজত কণ্ঠৰে খলকনিৰ সৃষ্টি কৰা দীপলিনা ডেকাৰ এইবাৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰিছে বলীউডৰ ষ্টাৰ অভিনেতা ৰণৱীৰ সিঙে। দীপলিনা ডেকাই নিজেই চচিয়েল মিডিয়া যোগে এই ভিডিঅ’ ক্লিপটো শ্বেয়াৰ কৰে অনুৰাগীৰ মাজত। এই ভিডিঅ’টো বৰ্তমান চচিয়েল মিডিয়াত বহুল হাৰত ভাইৰেল হোৱা লগতে দীপলিনাৰ অনুৰাগী সকল উৎসাহিতও হৈ পৰিছে।
https://www.facebook.com/296080900853307/posts/1282269855567735/
দীপলিনা ডেকাৰ শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত গীত “আলসুৱা” ৰ জনপ্ৰিয়তাৰ বৰ্তমানেও সাম কটা নাই। মুক্তিৰ পিছতেই আদৰি লৈছে প্ৰত্যেকগৰাকী শ্ৰোতাই। অনাগত দিনত তেওঁৰ আন এক প্ৰকল্প “গুণ গুণ” ৰ ইতিমধ্যে ফাৰ্ষ্ট লুক পোষ্টাৰে লাভ কৰিছে মুক্তি। দীপলিনা ডেকাৰ পৰিকল্পনা আৰু প্ৰতিটো প্ৰকল্পৰ বাবে আমাৰ এই পেজটোৰ তৰফৰ যাচিছোঁ অশেষ শুভকামনা।













