![]()
নিউজ ডেস্কঃ
ভোটদান কৰিলে মৰিয়নি বিজেপি প্ৰাৰ্থী ৰূপজ্যোতি কুর্মীয়ে।সমষ্টিৰ উন্নয়ন আৰু ভৱিষ্যতৰ কথা চিন্তা কৰি ৰাইজে ভোটদান কৰা সুযোগ পাইছে।মৰিয়নিবাসী সৈতে নিজক শুভাগ্যৱান বুলি উল্লেখ কৰি কয়- কেন্দ্ৰ-ৰাজ্যত চৰকাৰ থকা দলৰ পৰা প্ৰাৰ্থী হৈছোঁ।সেইয়া সকলো নেদেখাজনৰ কৃপা’।
মৰিয়নিত বতৰ উষ্ণতা ৩৮-৪০ ডিগ্ৰী মান আজি হব।কিন্তু গৰম নেওচি ৰাইজ তথা মহিলা সকল ওলাই অহাত আনন্দিত হৈছোঁ বুলি উল্লেখ কৰি কুর্মীয়ে কয়- মাজে মাজে মা লৈ মনত পৰি চকুপানী ওলাইছে।কংগ্ৰেছ এৰি বিজেপিত আহি ভৱা নাছিলোঁ এইদৰে সঁহাৰি পাম বুলি।ৰাইজে মোক বেছিকৈ ভাল পাই প্ৰমাণিত হৈছে।
আত্মবিশ্বাসেৰে নিৰ্বাচন জয়ী হব বুলিও কুর্মীয়ে উল্লেখ কৰি কয়- পূৰ্বতকৈ দায়িত্ব বাঢ়িব।ৰাইজৰ অধিক কাম কৰিব লাগিব।
পুৱাই পিতৃ-মাতৃ সমাধিত সেৱা জনাই ভোটদান কৰিবলৈ ওলাই আহে প্ৰাৰ্থী গৰাকীয়ে।













