![]()
নিউজ ডেস্কঃ
বেলতলা ছাৰ্ভেৰ বৃদ্ধা দম্পত্তি হত্যা কাণ্ডৰ চাঞ্চল্য মাৰ নাযাওতে পুনৰ গুৱাহাটীত লোমহৰ্ষক হত্যাকাণ্ডৰ।খানাপাৰাৰ উৰণীয়া হেতু সমীপত ডাষ্টবিনৰ কাষত মহিলা কটা ভৰি উদ্ধাৰ।পলিথিনে বান্ধি থোৱা অৱস্থা উদ্ধাৰ ভৰি দুটা।কিন্তু মহিলা গৰাকীৰ ওপৰৰ অংশ বৰ্তমানো উদ্ধাৰ হোৱা নাই।
উল্লেখ্য যে স্থানীয় লোকে শনিবাৰে পুৱা কটা ভৰি দুটা প্ৰত্যক্ষ কৰে।পলিথিনে মেৰিয়া ৰখা ভৰি দুটা এজোপা গছৰ কাষত পেলাই থৈ গৈছিল দুৰ্বৃত্তই।আনহাতে আৰক্ষী উপস্থিত হৈ ইতিমধ্যে ভৰি দুটা উদ্ধাৰ কৰিছে।
গুৰুত্বপূৰ্ণ কথা যিখনি ঠাইত ভৰি দুটা উদ্ধাৰ হৈছে সেই ঠাইখিনিত আৰক্ষীৰ ২৪ঘণ্টাই সষ্টম থাকে।তাৰ পাছতো আৰক্ষী চকুত ধূলি দি কোনে কটা ভৰি দুটা পেলাই গল সেইয়া বৰ্তমান ৰহস্য আৱৰ্তত ।
শেহতীয়াকৈ গুৱাহাটী মহানগৰীত সঘনাই সংঘটিত হৈছে নৃশংস হত্যা কাণ্ড ঘটনা।
প্ৰত্যক্ষদৰ্শী ভাষ্য মতে কঁকালৰ পৰা তলৰ অংশ আছিল মহিলা গৰাকী।পুৱাৰ ৮.৩০- ৯ বজাত জাৱৰ কঢ়িওৱা বাবে আহোঁতে দেখা পাইছোঁ।বটল বিচৰা দুই- তিনিজন মানুহে চাই থকা দেখা পাইছোঁ।ভৰি কেইটা দেখি মহিলা বুলি গম পাই- প্ৰত্যক্ষদৰ্শী জনে এইদৰে কয়।













