![]()
নিউজ ডেস্কঃ
মুম্বাইৰ আর্থাৰ ৰোড জে’লত ২৬ দিনৰ বন্দীদশা কটোৱাৰ পিছত বৃহস্পতিবাৰে জামিন লাভ কৰা আৰিয়ান খান শনিবাৰে পুৱা জে’লৰ পৰা ওলাল মুকলি আকাশৰ তললৈ। সাধাৰণ মানুহ, ফটোগ্ৰাফাৰৰ ভিৰ ঠেলি পোনে পোনে গৈ উঠে গাড়ীত।
উল্লেখ্য, আৰিয়ান ঘৰলৈ উভতিব নোৱাৰিলে দীপাৱলীৰ পোহৰেৰে আলোকিত নহ’লহেঁতেন ‘মন্নত’। উৎসৱ উদ্যাপন এৰাই চলাৰ সংকল্প লৈছিল খান পৰিয়ালে। পুত্ৰৰ অনুপস্থিতিত সকলো উৎসৱৰ আনন্দৰ পৰা আঁতৰি থকাৰ পণ লৈছিল মাতৃ গৌৰীয়ে।
উল্লেখ্য, আৰু দুদিন পিছতেই শ্বাহৰুখ খানৰ জন্মদিন। আৰিয়ানৰ ৰেহাই হ’ব নে নহয় তাক লৈ দ্বিধাগ্ৰস্ত শ্বাহৰুখে এইবাৰ অনুৰাগীসকলক তেওঁৰ বাংলোৰ সন্মুখত ভিৰ নকৰিবলৈ অনুৰোধ জনাইছিল। পিছে সকলো দুশ্চিন্তা আঁতৰাই পিতৃৰ জন্মদিনৰ পূৰ্বেই ঘৰলৈ উভতে পুত্ৰ।













