![]()
নিউজ ডেস্কঃ
এটা সম্পূৰ্ণ পৰিপুষ্ট লিভাৰৰ মূল্য প্রায় ডেৰ লাখ ডলাৰ (১ কোটিৰ ওচৰত)। উন্নত মানৰ কিডনি পাব তাতকৈ কিছু কম মূল্যতে। অষ্ট্ৰেলিয়াৰ এখন সংবাদপত্রত প্রকাশিত প্রতিবেদন অনুসৰি আন্তর্জাতিক চোৰাং বজাৰত বিক্ৰী হোৱা এইবোৰ অঙ্গ-প্রত্যঙ্গৰ বৃহৎ অংশৰ মালিক চীনৰ বন্দী শিবিৰত আটক হৈ থকা হতভগীয়া উইঘুৰ মুছলমানসকলৰ!
চিনজিয়াং প্রদেশৰ বাসিন্দা উইঘুৰ মুছলিমসকলৰ উপৰি বৌদ্ধ ধর্মাৱলম্বী তিব্বতী আৰু ফালুন গং গোষ্ঠীৰ বন্দীসকলৰ পৰাও জোৰপূৰ্বক অঙ্গ সংগ্রহ কৰা হোৱা বুলি উক্ত প্রতিবেদনত অভিযোগ তোলা হৈছে। তাত কোৱা হৈছে, একদলীয় শাসনাধীন চীনৰ কমিউনিষ্ট পার্টিৰ চৰকাৰে বেআইনীভাবে বছৰি প্ৰায় ১০০ কোটি ডলাৰৰ (প্রায় চাৰে ৭ হাজাৰ কোটি টকা) অঙ্গ-প্রত্যংগৰ ব্যৱসায় চলাই আছে।
উল্লেখ্য, চলিত বছৰৰ আৰম্ভণিতে কেইবাটাও আন্তর্জাতিক মানৱাধিকাৰ সংস্থাই চীন চৰকাৰৰ বিৰুদ্ধে উইঘুৰ, তিব্বতী আৰু ফালুন গং বন্দীসকলৰ অঙ্গ কাটি বিক্ৰীৰ অভিযোগ তুলিছিল। ৰাষ্ট্রসংঘৰ মানৱাধিকাৰ আয়োগে বিষয়টো সন্দৰ্ভত উদ্বেগ প্রকাশ কৰে।
চীনৰ বিভিন্ন বন্দী শিবিৰত আনুমানিক ২০ লাখ তুৰ্কীভাষী উইঘুৰ মুছলিমক বন্দী কৰি ৰখাৰ অভিযোগ বিভিন্ন মানৱাধিকাৰ সংগঠনৰ। যৌনাঙ্গত ইলেকট্রিক শ্বক, নিষিদ্ধ ঔষধ প্রয়োগসহ বন্দীসকলৰ ওপৰত বিভিন্ন অত্যাচাৰ চলোৱাৰ অভিযোগ। আছে মহিলা বন্দীসকলক ধর্ষণৰ অভিযোগো।
উল্লেখ্য, চল্লিশৰ দশকত স্বাধীন ৰাষ্ট্র পূব তুর্কিস্তান দখল কৰি চিনজিয়াং প্রদেশ নামকৰণ কৰিছিল চীনে। তাৰ পিছৰ পৰাই তাৰ বাসিন্দা উইঘুৰ মুছলিমসকলৰ একাংশই চীনা দখলদাৰীৰ বিৰুদ্ধে প্রতিৰোধ সংগ্ৰাম আৰম্ভ কৰে।













