![]()
নিউজ ডেস্কঃ
শিশুসকলৰ বাবে জৰুৰী ভিত্তিত ফাইজাৰ টীকাক অনুমতি দিলে আমেৰিকাই। শুক্রবাৰে চৰকাৰীভাবে অনুমোদন দিয়া হয় বায়োএনটেক কোম্পানীৰ ফাইজাৰক। ৫-১১ বছৰীয়া প্রায় ২ কোটি ৮০ লক্ষ শিশুক টীকা দিয়া হ’ব বুলি জানিব পৰা গৈছে। ফাইজাৰৰ অনুমোদনৰ পিছত শিশুসকলক টীকা দিয়াৰ ক্ষেত্রত চীন, চিলি, কিউবা আৰু আৰব ৰাষ্ট্ৰৰ সৈতে একে স্থান ল’লে মার্কিন যুক্তৰাষ্ট্রই।
মার্কিন ফুড এণ্ড ড্রাগ এডমিনিষ্ট্ৰেচনৰ প্রধান জানেট উডককে এক বিবৃতিত কয়, ‘এগৰাকী মাতৃ আৰু চিকিৎসক হিচাবে ক’ব পাৰো, এই অনুমোদন কিমান প্রয়োজন আছিল। অধীৰ অপেক্ষাত আছিল অভিভাৱক, পৰিচাৰিকা, স্কুলৰ কর্মচাৰীসকল। শিশুসকলক টীকা দিব পাৰিলে স্বাভাবিক জীৱনৰ দুৱাৰদলিত উপনীত হোৱা যোব।’
উল্লেখ্য, ফাইজাৰ শিশুসকলৰ ওপৰত ক্লিনিকেল ট্রায়েলত ৯০ শতাংশ কার্যকৰী দেখা গৈছে। উল্লেখযোগ্য পার্শ্বপ্রতিক্রিয়া দেখা এতিয়ালৈ দেখা যোৱা নাই।













