![]()
ছাইদুল ইছলাম
ডিফু : বোকাজান মহকুমাৰ হানজাংলাংচ’ খেলপথাৰত চলি থকা প্ৰাক্তন ইএম প্ৰয়াত ভূৱন চন্দ্ৰ তেৰাঙ সোঁৱৰণি ২১ সংখ্যক কাৰবি আংলং মহিলা ফুটবল চেম্পিয়ণশ্বীপৰ আজি চূড়ান্তখেলখন অনুষ্ঠিত হৈ যায় ৷ তীব্ৰ প্ৰতিদ্বন্ধিতামূলক খেলখনত প্ৰথমৰ পৰাই গ্ৰেটাৰ ডিফু স্পৰ্টচ এছ’চিয়েচনে আধিপাত়্য বিস্তাৰ কৰি লাংহিন তিনি আলি স্পৰ্টছ ক্লাৱক ৪-০ৰ ব্যৱধানত হেৰুৱাই চূড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয় ৷ গ্ৰেটাৰ ডিফু স্পৰ্টচ এছ’চিয়নৰ হৈ প্ৰথমটো গ’ল কৰে প্ৰথমাৰ্ধৰ ৩০ মিনিটত ৰেবিকা গুইটেই ৷ ইয়াৰ পিছত ক্ৰমান্বয়ে ৩৮ মিনিটত পুনৰ দ্বিতীয়টো গল কৰে ক্লাইৰিঅ’ ইংতিপীয়ে, তৃতীয়টো গল কৰে মেঘামিষ্টা ক্ৰ’পী আৰু চতুৰ্থটো গল কৰে ছনিয়া মাৰাকে ৷

খেলখন পৰিচালনা কৰে বলন টকবিপীয়ে ৷ সহায়ক ৰেফাৰী হিচাপে দায়িত্ব নিৰ্বাহ কৰে ক্ৰমে, কাবনমিলি তিতপী, ৰতিমা মহিলাৰী আৰু মিনালী ইংলেংপীয়ে ৷ চূড়ান্ত খেলৰ অন্তত বিজয়ী আৰু বিজেতা সকলক ট্ৰফী আৰু নগদ ধনেৰে পুৰষ্কৃত কৰে ক্ৰমে, কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙ, সাংসদ হৰেণ ছিং বে, স্থানীয় বিধায়ক ডাঃ নোমল মমিন আৰু ইএম কাছে ৰংপিপীয়ে ৷ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে ছনিয়া মাৰাকে, শ্ৰেষ্ঠ স্ক’ৰাৰ হিচাপে পুৰষ্কৃত হয় সঞ্জলী কেম্প্ৰাই, শ্ৰেষ্ঠ গ’লৰক্ষকৰ সন্মান লাভ কৰে নিলিকা ইংতিপীয়ে ৷













