![]()
নিউজ ডেস্কঃ
ৱাটছএপ বৰ্তমান সময়ৰ এক গুৰুত্বপূর্ণ বস্তু। এদিন ৱাটছএপ ব্যৱহাৰ নকৰাকৈ থাকিব পৰাটো প্ৰায় অসম্ভৱ। কিন্তু জানেনে, নৱেম্বৰ মাহত একাধিক ফোনত বন্ধ হৈ যাব পাৰে ৱাটছএপ? ১ নৱেম্বৰৰ পৰা আহিছে নতুন নিয়ম, যাক কার্যকৰী কৰিব লাগিব এন্ড্রয়েড ফোন ব্যৱহাৰকাৰীয়ে। যদি এতিয়াই তেওঁলোকে চাটৰ বেক আপ নকৰে তেনেহ’লে পৰিব পাৰে সমস্যাত।
যিসকলৰ ফোনত ৱাটছএপ ৪.০ বা তাৰ পুৰণি ভাৰ্ছন আছে, ১ নৱেম্বৰৰ পৰা তেওঁলোকৰ ফোনত ৱাটছএপে কাম নকৰিব। তাৰ বাবে এতিয়াই আপোনাৰ ফোন চেক কৰি লওক-
স্মার্টফোনটিৰ Settingsত যাওক। তাত গৈ About phoneত ক্লিক কৰক। তাত চাওক, ফোন Android 4.0.4 ৰ কম নেকি। যদি কম হয়, তেনেহ’লে সলনি কৰিব লাগিব ফোন। নহ’লে আৰু কাম নকৰিব ৱাটছএপে।
আগতীয়া সতর্কতা হিচাপে চাটৰ বেক আপ লৈ ৰাখক। তাৰ বাবে প্রথমে ৱাটছএপত গৈ WhatsApp settingsত যাওক। তাৰ পিছত click to Settings Chatsত ক্লিক কৰক। Chat backupলৈ গৈ Back up to make a backup কৰি লওক।
ৱাটছএপে কাম কৰা বন্ধ কৰিব ৪০টাৰো অধিক মোবাইল ফোনত। যাৰ ভিতৰত আছে, Samsung: Galaxy Trend II, Galaxy SII, Galaxy S3 mini, Galaxy Xcover 2, Galaxy Core & Galaxy Ace 2 ফোনবোৰো।













