![]()
নিউজ ডেস্কঃ
বৰ্তমানেও সন্ধান ওলোৱা নাই খানাপাৰাত উদ্ধাৰ হোৱা যুৱতীৰ পৰিচয় ।
উল্লেখ্য যে, শণিবাৰে মহানগৰীৰ খানাপাৰাৰ উৰণীয়া সেঁতুৰ সমীপত উদ্ধাৰ কৰা হৈছিল এগৰাকী যুৱতীৰ দুই কটা ভৰি। হত্যাৰ পিছত যুৱতীৰ দুই কটা ভৰি পেলাই থৈ গৈছিল কোনো দুৰ্বৃত্তই ।
ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে বহুবোৰ উদ্বেগজনক চাঞ্চল্যকৰ তথ্য । হত্যা কৰাৰ বহুসময়ৰ পিছতহে কটা হৈছিল ভৰি । আনহাতে, মেচিনৰ জৰিয়তে ভৰি দুখন কটা বুলি প্ৰাৰম্ভিক তদন্তত অৱগত কৰে আৰক্ষীয়ে । ইতিমধ্যে , উদ্ধাৰ হোৱা ভৰিৰ হাড়ৰ নমুনা ডি এন এ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে ফৰেনছিকলৈ । চুবুৰীয়া ৰাজ্যৰ লগতে ৰাজ্যৰ প্ৰায় প্ৰতিখন আৰক্ষী চকীলৈ প্ৰেৰণ কৰা হৈছে বাৰ্তা ।













