![]()
নিউজ ডেস্কঃ
আইডিবিআই বেংকৰ ১কোটি ১০লাখ টকা ঋণ আত্মসাৎ গোচৰত গ্ৰেপ্তাৰ ঘোষ ব্ৰাডাচৰ স্বত্বাধিকাৰী প্ৰতুল ঘোষ।শনিবাৰে ভঙাগড় পৰা গ্ৰেপ্তাৰ কৰে ঘোষক।আইডিবিআই বেংকৰ কলকাতাৰ মুখ্য শাখা জেনেৰেল মেনেজাৰে দাখিল কৰা এজাহাৰ ভিত্তিত ঘোষ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ।
প্ৰাপ্ত তথ্য অনুসৰি আইডিবিআই বেংকৰ গুৱাহাটীৰ জিএছ ৰোড শাখাৰ পৰা ১কোটি ১০লাখ টকা ঋণ লৈছিল ব্যৱসায়ী গৰাকীয়ে।
কৃষি বিকাশ যোজনা আৰু ডায়েৰী ডেভেলপমেন্টৰ নামত লোৱা টকা খিনি ব্যক্তিগত স্বাৰ্থত ব্যৱহাৰ কৰি টকাখিনি বেংকক ঘূৰাই নিদিয়াৰ অভিযোগ আছে প্ৰতুল ঘোষৰ বিৰুদ্ধে।
ইফালে আজি আদালতত হাজিৰ কৰিব বিআইইঅয়ে।৭দিনৰ বাবে জিম্মাত বিচাৰিব ঘোষক।
গুৰুত্বপূৰ্ণ ধৃত ঘোষৰ বিৰুদ্ধে পূৰ্বেও এনবিএফচিৰে জড়িত অভিযোগত গোচৰ ৰুজু হৈছিল। চৰকাৰৰ অনুমতি নোলোৱাকৈ বহু লোকক আচঁনিৰ লোভ দেখুৱাই কোটি টকাৰ আত্মসাৎ কৰিছিল ঘোষে।
আনহাতে ঘোষক গ্ৰেপ্তাৰ কৰি বিআইইঅয়ে জব্দ কৰিছে বহু বেংকৰ নথি পত্ৰ।
ইফালে ধৃত ব্যৱসায়ী গৰাকীৰ বিৰুদ্ধে পূৰ্বেও চিবিআই আৰু ইদিত বিৰুদ্ধে ৰুজু আছে টকাৰ লেনদেনৰ গোচৰ।













