![]()
নিউজ ডেস্কঃ
উত্তৰাখণ্ডৰ চক্ৰতাৰ এলেকাৰ তয়ুনি ৰোডত ভয়ংকৰ পথ দুৰ্ঘটনা। ভাৰম খাটৰ বাইলা গাঁৱৰ পৰা বিকাশনগৰলৈ গৈ থকা অৱস্থাত বাইলা পিংগুভা পথৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই যাত্ৰীবাহী বাছ দ-খাৱৈত পৰাৰ ফলত মুঠ ১৬ জন যাত্ৰীৰ ১৩ গৰাকী নিহত হয়। বাকী থকা ৩ গৰাকী বৰ্তমানেও সংকটজনক অৱস্থাত।
স্থানীয় লোকৰ সহযোগত ৩ গৰাকী লোকক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। ইতিমধ্যে ডেৰাডুনৰ পৰা SDRF, জিলা আৰক্ষী তথা অগ্নি নিৰ্বাপক বাহিনী ঘটনাস্থলীলৈ ৰাওনা হৈছে।













